25
Nov
2017

বিহালীঃ বিজেপিৰ বিশ্বনাথ জিলা সমিতি আৰু বিশ্বনাথ মণ্ডলে শুকুৰবাৰে লাচিত দিৱস পালন কৰে৷ বিজেপি নেতা তুলসী শর্মাই দলীয় পতাকা উত্তোলন কৰে। বন্তি প্রজ্বলন কৰে জিলাৰ সভাপতি পৰেশ বৰকাকতিয়ে৷ লাচিতৰ প্রতিমূর্তিত বন্তি মাল্যার্পন কৰে দিলীপ ভূঞাই।
সভাত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্রাপ্ত অধ্যক্ষ দিলীপ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাতবিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ মৃণাল বৰা, বিধায়ক প্রমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ বিজেপিৰ সভাপতি পৰেশ বৰকাকতি, অমৰজ্যোতি বৰঠাকুৰ, ড০ ৰঞ্জন গগৈ উপস্থিত থাকে৷ হাৱাজান, অয্চলৰ লগতে জিলা সমিতিৰ বিষয়-ববীয়া, মণ্ডল সমিতি সমূহৰ সভাপতি-সম্পাদক, মর্চা সমুহৰ সভাপতি-সম্পাদক সৈতে পাঁচ শতাধিক লোক উপস্থিত থাকে৷