গুৱাহাটীঃ এতিয়া ফ’টশ্বপৰ যুগ৷ এই ফ’টশ্বপেৰেই সঁচাক মিছা আৰু মিছাক সঁচা কৰিব পৰা হৈছে৷ ফ’টশ্বপৰ প্ৰযুক্তি ব্যৱহাৰ কৰিয়েই বহুতে ৰাজনৈতিক লাভালাভো আহৰণ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এই ফ’টশ্বপ ব্যৱহাৰ কৰি যদি ইতিহাসক বিকৃত কৰা হয়, তেন্তে এনে কাৰ্য অকল গৰিহণাযোগ্যই নহয়, অক্ষমণীয়ও৷

ইণ্টাৰনেটত সহজলভ্য আৰু বহুলভাৱে ব্যৱহৃত অসমীয়াৰ জাতীয় বীৰ লাচিত বৰফুকনৰ এখন ফটোৱে এতিয়া এক বিতৰ্কৰ সৃষ্টি কৰিছে৷ অসম-অসমীয়াৰ কোনো ঐতিহ্য বহন নকৰা লাচিতৰ এই বিশেষ ফটোখনকেই হিন্দুত্ববাদী সোঁপন্থী সংগঠনসমূহে তেওঁলোকৰ ‘পূজা’ৰ বাবে ব্যৱহাৰ কৰি আহিছে৷ ঢৌতে খৰ মৰাদি বৰ্তমানৰ চৰকাৰখনে লাচিতৰ এই ফটোখনকেই সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, স্কুল, কলেজ আদিত আঁৰি ৰখাৰ বাবে জাননী জাৰি কৰিছিল ২০১৬ চনৰ ৯ ডিচেম্বৰত৷ এই ফটোখনে অসম-অসমীয়াৰ ঐতিহ্য-পৰম্পৰা বহন কৰিছেনে নাই, সেই বিষয়ত কোনো অধ্যয়ন নকৰাকৈ কাৰ প্ৰৰোচনাত বিকৃত ঐতিহাসিক সম্বলেৰে ফ’টশ্বপ কৰা এখন ফটোক কিয় অসম চৰকাৰে পৃষ্ঠপোষকতা কৰিলে সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে৷

ফটোখনত লাচিত বৰফুকনক অশ্বাৰোহী হিচাপে অংকিত কৰা হৈছে৷ অসম বুৰঞ্জীৰ সামান্যতম জ্ঞান থকাজনেও জানে যে বিখ্যাত শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাই অশ্বাৰোহী সৈন্যৰ ওপৰত নিৰ্ভৰ কৰা নাছিল৷ এনেও অসমত অশ্বযুদ্ধৰ বাবে প্ৰয়োজনীয় আহল-বহল মুকলি সমভূমি নাই, সেয়ে এনে বাহিনীৰ প্ৰয়োজনীয়তা কম আছিল৷ অসমৰ প্ৰধান শক্তি আছিল পদাতিক, নৌসেনা, হস্তীবাহিনী আৰু গেৰিলা কৌশল৷ এই কৌশল প্ৰয়োগ কৰিয়েই সেনানায়ক বীৰ লাচিতে মোগলৰ দৰে শক্তিশালী বাহিনীকো পৰাভূত কৰিব পাৰিছিল৷ গতিকে লাচিত বৰফুকনক ঘোঁৰাৰ পিঠিত উঠাই অসমৰ সমৰ কৌশলক বিকৃত কৰি পেলোৱা হ’ল৷ ফটোখনত লাচিতৰ হাতত যি অস্ত্ৰ ধৰাই দিয়া হ’ল, ইও আহোমসকলৰ পৰম্পৰাগত হেংদাঙকতো প্ৰতিফলিত নকৰেই, দেখিলে কচায়ে মাংস কটা দাখন যেনহে লাগে! গাত চাপকন সদৃশ চোলা আছে যদিও পটলোঙৰ নাম-গোন্ধ নাই৷

লাচিত বৰফুকনৰ ফটো হিচাপে ব্যৱহাৰ কৰা এই ফটোখননো দৰাচলতে ক’ৰপৰা নকল কৰা হ’ল? News Next Oneৰ প্ৰচেষ্টাত সেয়া উদ্ধাৰ কৰিব পৰা হৈছে৷ ছবিখনৰ নাম ‘Officer of the Imperial Horse Guards Charging’ আৰু ছবিখন ফৰাচী শিল্পী থিয়ডৰ গেৰীকাল্টে ১৮১২ চনত অঁকা৷ বৰ্তমান এই ছবিখন ল’ভ্ৰে যাদুঘৰত সংৰক্ষিত হৈ আছে৷ শিল্পী থিয়ডৰ গেৰীকাল্টে ফৰাচী সম্ৰাট নেপোলিয়ঁ বোনাপাৰ্টৰ এজন সেনা বিষয়াই আক্ৰমণৰ বাবে সাজু হোৱাৰ মূহুতটো অংকিত কৰিছে৷

এনে এখন নকল অঁকা ফটো চৰকাৰীভাৱে প্ৰচাৰ মাধ্যমত মুকলি কৰি দিয়া তথা অসমৰ কাৰ্যালয়ে কাৰ্যালয়ে আঁৰি থ’বলৈ নিৰ্দেশ জাৰি কৰা কাৰ্যই অসমীয়াৰ স্বাভিমানত আঘাট নাহানিবনে? পৃথিৱী বিখ্যাত ল’ভ্ৰে যাদুঘৰত সংৰক্ষিত হৈ থকা ফটোখনৰ লগত আমাৰ অসমীয়া বীৰ লাচিতৰ সাদৃশ্য দেখিলে বিশ্ব নাগৰিকে আমাক এটা নকল কৰা জাতি বুলি ইতিকিং নকৰিবনে? নিজৰ জাতীয় বীৰ এগৰাকীৰ প্ৰকৃত ছবি এখন অংকন কৰিব নোৱাৰা জাতি এটাই নিজৰ ভৱিষ্যতক সুৰক্ষিত কেনেকৈ কৰিব সেয়া এক কোটিটকীয়া প্ৰশ্ন৷