
কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি প্ৰয়াত লাফিকুল ইছলাম আহমেদৰ আত্মাৰ চিৰশান্তিৰ বাবে ৰাজহুৱা দোওৱা আৰু স্মৃতিচাৰণ সভা আজি দিনযোৰা কাৰ্যসূচীৰে ছালাকাটি এম ই মাদ্ৰাছা খেলপথাৰত অনুষ্ঠিত হয়৷ আজি পুৱা ছাত্ৰ সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি আলী আজম শ্বেখে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত ৮-৩০ বজাত শ্বহীদসকলৰ বাবে দোৱা কৰা হয়৷
♦ লাফিকুল ইছলাম আহমেদৰ স্মৃতিচাৰণ সভা সম্পন্ন
৯ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ কক্ষ মুকলি আৰু ১০ বজাত বৃক্ষ ৰোপণ কৰা হয় ৷ দুপৰীয়া ১২ বজাত ভোজনালয় উদ্বোধন আৰু ১ বজাৰ পৰা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলী আজম শ্বেখে সভাপতিত্ব কৰা স্মৃতিচাৰণ সভাত উদ্বোধনী ভাষণ আগবঢ়ায় এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকামাল খন্দকাৰে৷
সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই কয় যে যি হত্যাকাণ্ডত চৰকাৰ জড়িত আৰু প্ৰশাসন জড়িত হৈ আছে তেনে হত্যাকাণ্ডৰ হত্যাকাৰী কাহানিও ধৰা নপৰে। এই কথা তেওঁ যোৱা ৪ আগষ্টতে লাফিকুলৰ ভাতৃক অৱগত কৰাইছিল বুলি সদৰী কৰি মনজিৎ মহন্তই কৰি কয় যে গোটেই ঘটনাটোত জিলা আৰক্ষীৰ মুৰব্বী জড়িত হৈ আছে। প্ৰকৃততে মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ অভাৱৰ বাবেহে তদন্তৰ দায়িত্ব চিবিআইক দিয়া নহ'ল বুলি মন্তব্যৰে মনজিৎ মহন্তই হত্যাকাণ্ডৰ সকলো ক্লু ইতিমধ্যে নষ্ট কৰাৰ আশংকা প্ৰকাশ কৰে।
কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ মাজত কোনো পাৰ্থক্য দেখা নাই বুলি মন্তব্যৰে মনজিৎ মহন্তই লাফিকুলৰ হত্যাকাৰী ধৰা পৰিলে সেয়া ব্যতিক্ৰম ঘটনা হব বুলি মন্তব্য কৰে। ইপিনে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কয় য়ে পৰিৱৰ্তনকামী চৰকাৰৰ পৰা ৰাইজে এনে আশা কৰা নাছিল। ৰাজ্যৰ মুখ্য সচিবক কেইদিনমান পূৰ্বে তেওঁ লগ কৰোতে চিবিআই তদন্তৰ কথা কৈছিল যদিও বৰ্তমানলৈকে চিবিআইৰ দেখা দেখি নাই বুলি ক্ষোভ প্ৰকাশ কৰে। তদুপৰি ৰাইজৰ দাবী অনুসৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াকো অপসাৰণ কৰা নহ'ল বুলি মন্তব্যৰে চৰকাৰে বিভ্ৰান্তিকৰ কথা বন্ধ কৰি লাফিকুলৰ হত্যাকাণ্ডত কোন জড়িত , বৰ্তমানলৈকে কিমানজনক আটক কৰিছে, তদন্ত প্ৰক্ৰিয়াই কি গতি লৈছে সেয়া স্পষ্ট কৰা উচিত বুলি মন্তব্য কৰিছে।
উক্ত সভাত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নিজৰ উদাত্ত ভাষণত কয় যে ১৯৯৬ চনৰ পৰা আজিলৈ বিটিএডি অঞ্চলত বহু লোকক হত্যা কৰা হল কিন্তু হত্যাকাৰী কৰায়ত্ত নহল৷ এবছুৰ সভাপতি শ্বৌম্বলা বসুমতাৰী, আছাৰ সভাপতি বস্কো চেৰমাকো আৰু এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক অতি নিৰ্মমভাৱে হত্যা কৰা হ'ল কিন্তু আজিলৈকে চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল৷ এবছুৰ নেতা গৰাকীয়ে এইক্ষেত্ৰত বড়ো, অবড়োৰ মাজত বিভেদ সৃষ্টি নকৰি অঞ্চলটোত শান্তিৰ স্বাৰ্থত সকলোৱে একগোট হৈ মাত মাতিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে ৷
এবছুৱে বিটিচিত থকা অবৈধ অস্ত্ৰৰ বিৰুদ্ধে পোন প্ৰথমে মাত মাতি আহিছে বুলিও উল্লেখ কৰি বিটিএডিত এটা চক্ৰই বড়ো অবড়োৰ মাজত বিভেদ সৃষ্টি কৰাত গভীৰ আক্ষেপ প্ৰকাশ কৰে৷ ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নেকিবুৰ জামানে কয় যে ৰাজ্যত সংঘটিত হোৱা বহু হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া হৈছিল যদিও শেষত কিন্তু ফলাফল শূন্য বুলি প্ৰমাণিত থৈ আহিছে৷ লাফিকুল ইছলাম আহমেদৰ ক্ষেত্ৰতো একে হ'ব বুলি সন্দেহ ব্যক্ত কৰি নেকিবুৰ জামানে কয় যে যি হত্যাকাণ্ডৰ সৈতে চৰকাৰ- প্ৰশাসনৰ নাম সাঙোৰ খাই পৰে তেনে হত্যাকাণ্ডৰ লগত জড়িত দুৰ্বৃত্ত কেতিয়াও কৰায়ত্ত নহয় বুলিও চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায় নেকিবুৰ জামানে।
সভাত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আলি আহমেদ,সমাজসেৱক কমল কুমাৰ মেধি,আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মন, নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, দৈনিক গণ অধিকাৰ কাকতৰ মুখ্য সম্পাদক শ্বাহজাহান তালুকদাৰ, এবিএমছুৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক, মহিলা কোষৰ সভানেত্ৰী শ্বাহিনুৰ বেগম, বেংগলী যুব ছাত্ৰ পৰিষদৰ উপদেষ্ঠা দিলীপ দাস, ৰাজ্যৰ সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুৰ আৱাল, বিচিএফৰ অধ্যক্ষ দুৰ্গা হাসদা, অভ্যৰ্থনা সমিতিৰ সভাপতি মইনুদ্দিন আলী, বিশিষ্ট শিক্ষাবিদ জাহাংগীৰ হুচেইনকে ধৰি বহু দল, সংগঠনৰ নেতা আৰু কেবাগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে৷
ইপিনে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ স্মৃতিত আজি অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভা আৰু ৰাজহুৱা দোওৱা অনুষ্ঠানত প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ স্মৃতিত এক স্মৃতিগ্ৰন্থ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জেষ্ঠ্য অধিবক্তা নেকিবুৰ জামানে। ছালাকাটি এম ই মাদ্ৰাছাত অনুষ্ঠিত হোৱা আজিৰ অনুষ্ঠানত বিটিএডিৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাসহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে।