
কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ দুদিন পূৰ্বেই ছালাকাটি আৰক্ষী চকীত অস্ত্ৰ জমা দি ঘৰলৈ গুচি গৈছিল লাফিকুল ইছলামৰ সতে থকা দেহৰক্ষী জাকিৰ হুছেইন। দেওবাৰৰ পুৱা অৰ্থাৎ ৩০ জুলাইৰ ১১ মান বজাতে ছালাকাটি আৰক্ষী চকীত অস্ত্ৰ জমা দি কোকৰাঝাৰৰ পৰা নিজ গৃহ হাজোলৈ ৰে'লেৰে ৰাওনা হৈছিল দেহৰক্ষী জাকিৰ হুছেইন। এই বিস্ফোৰক তথ্য সদৰী কৰিছে লাফিকুল ইছলাম আহমেদৰ গাড়ীচালক নুৰ মহম্মদ শ্বেখ।
♦ ৰহস্যঘন স্থিতি কোকৰাঝাৰ আৰক্ষীৰ
♦ অস্ত্ৰ জমা দি ঘৰলৈ গৈছিল লাফিকুলৰ দেহৰক্ষী
♦ বুলেটসদৃশ বাহনত আহিছিল দুই হত্যাকাৰী
♦ হত্যাত ব্যৱহাৰ হৈছিল দুই ধৰণৰ পিষ্টল
মহম্মদ শ্বেখে কয় যে দেওবাৰৰ পুৱা ১১ মান বজাত দেহৰক্ষী জাকিৰ হুছেইনে অস্ত্ৰটো কাপোৰেৰে মেৰিয়াই ছালাকাটি আৰক্ষী চকীত জমা দিছিল। দেহৰক্ষীজনক তেওঁ গাড়ীৰে লৈ গৈছিল আৰু অস্ত্ৰ জমা দিয়াৰ পিছত দেহৰক্ষীজনক কোকৰাঝাৰ ৰেলৱে ষ্টেচনত থবলৈ গৈছিল।
তাৰ পৰা দেহৰক্ষীজনে ৰেলেৰে হাজোৰ মোখনীয়াস্থিত বাসগৃহলৈ গৈছিল। দেহৰক্ষীজনৰ উক্ত ঘটনাৰ বিস্ফোৰক তথ্য সদৰী কৰি দিয়াৰ পিছতে চৌদিশে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেহৰক্ষীয়ে আৰক্ষী চকীত অস্ত্ৰ জমা দিয়াৰ পিছতো অৰ্থাৎ আৰক্ষীয়ে লাফিকুলৰ দেহৰক্ষীৰ অনুপস্থিতিৰ কথা জানিও কি ৰহস্যজনক কাৰণত লাফিকুলক পুনৰাই দেহৰক্ষীৰ যোগান নধৰিলে তাকে লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইপিনে গাড়ীচালক গৰাকীয়ে লাফিকুলৰ হত্যাকাণ্ডৰ কিছু তথ্য সদৰী কৰি কয় যে সম্ভৱত লাফিকুলক হত্যা কৰিবলৈ দুজন হত্যাকাৰী আহিছিল আৰু খুব কম সময়ৰ ভিতৰতে লাফিকুলক হত্যা কৰি বুলেটজাতীয দুচকীয়া বাহনেৰে তড়িৎগতিৰে পলায়ন কৰিছিল। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াইয়ো লাফিকুলৰ হত্যাকাণ্ডৰ পিছত ঘটনাস্থলীত দুই ধৰণৰ খালী কাৰ্টুজ পোৱাৰ কথা স্বীকাৰ কৰিছে । অস্ত্ৰচালনাত পাকৈত ব্যাক্তিয়েহে এনে ধৰণে খুব কম সময়ৰ ভিতৰত হত্যাকাণ্ড সংঘটিত কৰিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে নাম প্ৰকাশক অনিচ্ছুক আৰক্ষী বিষয়াগৰাকীয়ে।
আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিএডিত অবৈধ অস্ত্ৰ থকা বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এৱছুৰ সভাপতি প্ৰমোদ বড়োই কয় যে নৱ শৰণীয়াৰ এয়া নতুন কথা নহয় ৷ সদায় বিটিএডিত অবৈধ অস্ত্ৰ থকা বুলি কৈ আহিছে, কিন্তু কিছুদিন পূৰ্বে সাংসদগৰাকীৰ আত্মীয়ৰ ঘৰৰ পৰাই আৰক্ষীয়ে একে ছিৰিজৰ অবৈধ অস্ত্ৰ উদ্ধাৰ কৰা কথাটো সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে। তেনে ক্ষেত্ৰত শৰণীয়াই অবৈধ অস্ত্ৰ থকা বুলি কাক আঙুলি টোৱাইছে বুলি প্ৰমোদ বড়োই প্ৰশ্ন উত্থাপন কৰি এগৰাকী সাংসদ হিচাবে যদি ঘটনাটোক ৰহন সানিব বিচাৰিছে তেন্তে সেয়া অতি দুৰ্ভাগ্যজনক বুলিও মত প্ৰকাশ কৰিছে ।
আনপিনে বিটিএডি পৰিষদৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে নৱ শৰণীয়াই বিটিএডিত পাচঁ হেজাৰ অবৈধ মাৰণাস্ত্ৰ থকা বুলি সংবাদ মাধ্যমত কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শৰণীয়া নিজেই বিটিএডিত অবৈধ অস্ত্ৰৰ যোগান ধৰিছে ৷ সেয়ে তেওঁ অবৈধ অস্ত্ৰৰ সঠিক সংখ্যা দাঙি ধৰিব পাৰিছে ৷ তেওঁ যদি জানেই প্ৰশাসনক কৈ অস্ত্ৰ সমুহ জব্দ কৰিব লাগে ৷ তেওঁ কিয় প্ৰশাসনক অবৈধ অস্ত্ৰ সমুহ উলিয়াই দিয়াৰ ক্ষেত্ৰত সহায় কৰা নাই বুলি প্ৰশ্ন কৰে৷
সাংসদ শৰণীয়াই কোৱা মতে ইমানেই যদি অবৈধ অস্ত্ৰ আছে তেওঁ নিজে এগৰাকী সাংসদ হিচাপে গৃহ বিভাগ, চোৰাংচোৱা বিভাগৰ জৰিয়তে কিয় অবৈধ অস্ত্ৰ উলিয়াব পৰা নাই বুলি মন্তব্যৰে সাংসদগৰাকীক তথ্য সহকাৰে হিচাপ দাঙি ধৰি অবৈধ অস্ত্ৰসমূহ উলিয়াই দিবলৈ প্ৰত্যাহ্বান জনাইছে কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ৷