
কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ৮ দিন উকলি যোৱাৰ পিছতো তদন্তকাৰী দল এছ আই টিয়ে হত্যাকাণ্ডটোৰ সৈতে জড়িত ঘাতকৰ কোনো শুংসূত্ৰ পোৱা নাই ৷
উল্লেখ্য যে কোকৰাঝাৰস্থিত তিতাগুৰীৰ এখন টাইলছৰ দোকানত যোৱা ১ আগষ্টত এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সকলোৱে ছাত্ৰ নেতাজনৰ হত্যাকাণ্ডটোৰ সৈতে জড়িত থকা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছিল ৷
♦ এছ আই টিৰ নজৰত বিভিন্ন ব্যাক্তি
কিন্তু হত্যাকাণ্ডটোৰ সৈতে জড়িত থকা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আজিও চৌদিশে ব্যাপক প্ৰতিবাদ অব্যাহত আছে ৷ এছ আই টিয়ে কেবাটাও দিশ সাঙুৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে যদিও সফলতা এতিয়াও সুদূৰ পৰাহত।
এছ আই টিয়ে ঘটনা সন্দৰ্ভত লাফিকুলৰ ঘনিষ্ঠ কেবাগৰাকীক অধিক তথ্যৰ সন্ধানত সোধপোছ কৰে যদিও বিশেষ কোনো সূত্ৰ বাহিৰ হোৱা নাই বুলি জানিব পৰা গৈছে। এছআইটিয়ে দিনে নিশাই বহু ঠাইত বহু ব্যাক্তিৰ গতিবিধি সন্দৰ্ভতো নজৰ ৰখা বুলি জানিব পৰা গৈছে।
ইপিনে আজি সন্ধিয়া জিলাখনৰ চিথিলাত এবিএমছুৱে ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত জোৰ লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ হাতে হাতে জোৰ লৈ এবিএমছুৰ কৰ্মী,সদস্যই লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক,ঘটনাটোৰ চিবিআই তদন্তৰ জৰিয়তে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে চিথিলা অঞ্চলৰ চৌদিশে সমদলৰে উত্তাল কৰি তোলে। চিথিলাত অনুষ্ঠিত হোৱা প্ৰতিবাদী জোঁৰ সমদলত আক্ৰাছু, বেংগলী যুৱ ছাত্ৰ পৰিষদ, বিএচইউ,, আমছু আদিকে ধৰি কেবাটাও সংগঠনৰ প্ৰতিনিধিয়ে যোগদান কৰে৷
আনহাতে বিপিএফৰ সংখ্যালঘু কোষেও লাফিকুল হত্যাকাণ্ডৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সমান্তৰালকৈ কাইলৈ সমূহীয়া দোৱা অনুষ্ঠিত কৰি প্ৰয়াত নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিব ৷ কাইলৈ অৰ্থাৎ ১০ আগষ্টত কোকৰাঝাৰ মছজিদ প্ৰাংগণত সমূহীয়া দোৱা অনুষ্ঠিত কৰি লাফিকুলৰ আত্মাৰ চিৰশান্তি কামনা কৰিব বুলি জনাইছে কোষৰ সাধাৰণ সম্পাদক চুলতান আলমে ৷
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়েও অহা ১৩ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰিছে৷ উক্ত সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচীত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি
আনোৱাৰ হুছেইন৷