কোকৰাঝাৰঃ গুৱাহাটীৰ পৰা গান্ধীজীৰ জন্মস্থান পোৰবন্দৰলৈ এমাহজোৰা কাৰ্যসূচীৰে চলিবলগীয়া সৰ্বভাৰতীয় সম্প্ৰীতি যাত্ৰাৰ দলে আজি যাত্ৰাপথত লফিকুল ইছলাম আহমেদৰ পৰিয়ালক সাক্ষাৎ কৰে।

তেওঁলোকৰ আজি দ্বিতীয় দিনৰ যাত্ৰাত যোৱা ১ আগষ্টত কোকৰাঝাৰত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই নিহত কৰা ছাত্ৰ নেতা লাফিকুল ইছলামৰ বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে।

ইপিনে সম্প্ৰীতি যাত্ৰাৰ কাৰ্যসূচীৰ সতে সংগতি ৰাখি ছালাকাটিস্থিত এবিএমছুৰ কাৰ্যালয়ৰ বাকৰিত এক শান্তি সভাও অনুষ্ঠিত হয় । উক্ত শান্তি সভাত অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱা বিষয়া তথা বিশিষ্ট লেখক, সমাজকৰ্মী হৰ্ষ মান্দাৰ, বিশিষ্ট মানৱ অধিকাৰকৰ্মী জন দয়াল, যুৱ লেখক তথা সমাজ সংগঠক আশ্ৰাফুল হুছেইন, আমছুৰ কেন্দ্ৰীয় সম্পাদক ৰেজাউল কৰিম সৰকাৰ, এবিএমছুৰ সম্পাদক শ্বাহ কামাল খণ্ডকাৰৰ লগতে কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে  সম্প্ৰীতি যাত্ৰাৰ দলটোৱে লাফিকুল ইছলাম আহমেদৰ পৰিয়ালত উপস্থিত হোৱাৰ পূৰ্বে গোৱালপাৰাত ডি ভোটাৰ প্ৰসংগত আন্দোলন কৰিবলৈ গৈ পুলিচৰ গুলিত নিহত হোৱা ইয়াকুব আলিৰ পৰিয়ালত উপস্থিত হৈ তেওঁলোকৰ বুজ লোৱাৰ লগতে সম্প্ৰীতিৰ বাৰ্তা বিলায়।

গোৱালপাৰাৰ কাৰ্যসূচীত  বিশিষ্ট লেখক, বুদ্ধিজীৱী তথা সাম্প্ৰদায়িকতাবাদবিৰোধী কর্মী অধ্যাপক ৰাম পুনিয়ানী, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড° হাফিজ আহমেদকে আদি কৰি স্থানীয় দল-সংগঠনৰ বহুতো নেতা-কর্মীয়ে অংশ লয়। সম্প্ৰীতি যাত্ৰাৰ দলটোৱে আজি কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি ঝাৰখণ্ডলৈ যাত্ৰা কৰিছে।