কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক আজি শূন্য দূৰত্বৰ পৰা বিটিচি সচিবালয়ৰ নিকটতে অচিনাক্ত দুষ্কৃতিকাৰীয়ে হত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আজি বিয়লি ৪ মান বজাত বিটিচি সচিবালয়ৰ নিকটৰ তিতাগুৰিত থকা জে.এন.ট্ৰেডাৰ্চ নামৰ টাইলছৰ দোকান এখনত টাইলছ ক্ৰয় কৰিবলৈ ধৰোঁতেই পিছফালৰ পৰা শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে৷ মূৰ, বুকুত আৰু পেটত কেবাটাও গুলীয়ে আঘাত কৰাত ঘটনাস্থলীতে এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ মৃত্যু হয়। উক্ত ঘটনাত দোকানখনৰ কৰ্মচাৰী শুভংকৰ চক্ৰৱৰ্তী (২২) গুৰুতৰভাৱে আহত হয়৷ কৰ্মচাৰীজনৰ দেহত গুলী লগাত সংকটজনক অৱস্থাত জিএমচিলৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাৰ খবৰ মুহূৰ্তৰ ভিতৰতে চৌদিশে বিয়পি পৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। তিতাগুৰিৰ ৰাজপথ অৱৰোধ কৰি এবিএমছুৰ সহস্ৰাধিক কৰ্মী-সদস্যই বহি ধৰ্ণা দি দোষীক কৰায়ত্ত কৰিবলৈ দুই ঘন্টা সময়সীমা বান্ধি দিয়ে ৷ বিটিচি চৰকাৰ হুছিয়াৰ, অসম পুলিচ হুছিয়াৰ, বিটিচি চৰকাৰ মুৰ্দাবাদ, এই জুই জ্বলিছে জ্বলিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ পিছত দোষীক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰায়ত্ব কৰিব নোৱাৰিলে কাইলৈৰ পৰা অৰ্থ্যাৎ দুই আগষ্টৰ পৰা সমগ্ৰ বিটিচি অঞ্চল অচল কৰি দিব বুলিও ভাবুকি দিয়ে এবিএমছুৰ কেন্দ্ৰীয় সহ সম্পাদক মইনুদ্দিন আলিয়ে৷

মইনুদ্দিন আলিয়ে  ইয়াক এক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি বিভিন্ন জাতি-জনগোষ্ঠীৰ হৈ মাত মাতি অহা লাফিকুল ইছলাম আহমেদৰ বলিষ্ঠ প্ৰতিবাদী কন্ঠ ৰোধ কৰাৰ বাবে তেওঁক হত্যা কৰা হ'ল বুলি মন্তব্য কৰে৷

আনহাতে তিতাগুৰিৰ ৰাজপথত এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক স্বাহকামাল খন্দকাৰে উপস্থিত হৈ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি কৈ ৰাইজৰ জীৱন আৰু সম্পত্তিক নিৰাপত্তা দিব নোৱাৰা চৰকাৰ-প্ৰশাসনক ধিক্কাৰ দিয়ে৷

বিটিচি সচিবালয়ৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰ নিলগত দিন দুপৰতে এনেদৰে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ মাজতে লাফিকুল ইছলাম আহমেদক শূন্য দূৰত্বৰ পৰা হত্যা কৰাৰ আৰঁত গভীৰ ষড়যন্ত্ৰ থকা বুলি কয় ছাত্ৰ নেতা স্বাহকামাল খন্দকাৰে৷

ঘটনাস্থলীত আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মন উপস্থিত হৈ বিটিচিত মানুহৰ নিৰাপত্তা নোহোৱা হৈছে বুলি মন্তব্য কৰি বিটিএডিত এনে হত্যাযজ্ঞৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকা বুলি কৈ ঘটনাটোৰ উচিত তদন্তৰ দাবী জনায়৷ অন্যথা বিটিএডিত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও হুংকাৰ দিয়ে হিতেশ্বৰ বৰ্মনে৷ 

এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদ নিহত হোৱাৰ পিছতে ঘটনাস্থলীত বিটিচি প্ৰধান হাগ্ৰামা মহুলাৰী উপস্থিত হৈ ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি দাবী কৰিছে। দোষীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখি দোষীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাইছে।

আজিৰ ঘটনাক বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ আৰু সম্পাদক ধনঞ্জয় নাথেও গৰিহণা দি দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে।