
কোকৰাঝাৰঃ বিজেপিৰ আভ্যন্তৰীণ সংঘাত আৰু ৰাজনৈতিক সংকটৰ বলিৰ পঠা হৈছে লাফিকুল ইছলাম আহমেদ। এবিএমছু সভাপতিগৰাকীৰ হত্যাকাণ্ড প্ৰকৃততে এটা সুপৰিকল্পিত ৰাজনৈতিক হত্যাকাণ্ড যদিও দূৰ্ভাগ্যজনকভাৱে কিছুমানে গৰু ছিণ্ডিকেটৰ সৈতে হত্যাকাণ্ডটো সুচতুৰভাৱে আগবঢ়াই নিব বিচাৰিছে আৰু সেয়েহে তেওঁলোককো তদন্তৰ আওঁতালৈ আনিব লাগে। এই মন্তব্য প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।
আজি কোকৰাঝাৰৰ ছালাকাটিস্থিত লাফিকুল ইছলাম আহমেদৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি কৃষক নেতা অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ আভ্যন্তৰীণ সংঘাত আৰু ৰাজনৈতিক সংকটৰ বলিৰ পঠা লাফিকুল ইছলাাম আহমেদ হোৱা বুলি মন্তব্যৰে অখিল গগৈয়ে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ প্ৰকৃত তদন্ত কৰিলে অসমত ডাঙৰ বিস্ফোৰণ ঘটিব বুলি মন্তব্য কৰে ৷
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰশ্ন জড়িত হৈ থকা তথা বিটিএডিৰ ৰাজনৈতিক বিষয় জড়িত হৈ থকা লাফিকুলৰ হত্যাকাণ্ডক একাংশই ইচ্ছাকৃতভাৱে ৰাজনৈতিক হত্যাকাণ্ডৰ পৰিৱৰ্তে এক সাধাৰণ অপৰাধজনিত হত্যাকাণ্ডৰ দিশে ঢাল খুৱাবলৈ লোৱা কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰে। কৃষক নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত লাফিকুলৰ হত্যাকাণ্ডক চিবিআইক অৰ্পণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিয় সাহস দেখুৱাব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে।
বৰ্তমানে চলি থকা তদন্তৰ গতি দেখি তদন্ত দোষীক ধৰিবলৈ নহয় বৰং তদন্ত অপৰাধীক লুকুৱাবলৈহে গঠন কৰা হৈছে বুলি মত প্ৰকাশ কৰে অখিল গগৈয়ে। লাফিকুলৰ হত্যাকাণ্ড ৰাজনৈতিক বুলি পুনৰবাৰ অভিহিত কৰি মাথো দহ মিনিট দোকানত বহাৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ আঁৰত ৰহস্য লুকাই থকা বুলি মন্তব্যৰে হত্যাকাণ্ডত চৰকাৰৰ হাত নাথাকিলে ছাত্ৰ নেতা এগৰাকীক এনেদৰে হত্যা কৰাতো সম্ভৱ নহয় বুলি মন্তব্য কৰে।
লাফিকুলৰ হত্যাকাণ্ডৰবাবে জগৰীয়া বুলি অভিযোগ উত্থাপন হোৱা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙক এই পয্যন্ত কিয় নিলম্বন কৰা নহ'ল সেই প্ৰশ্ন উত্থাপনেৰে কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ককাই-ভাইৰ সম্পৰ্ক আছে বুলি অখিল গগৈয়ে মন্তব্য কৰি কয় যে, কটনৰ পঢ়াৰ সময়তে হিমন্তৰ বিৰুদ্ধে মাত মতাত এইজন ৰাজেন সিঙে তেওঁক হাত কটাৰ হুমকি দিছিল।
দীঘলীপুখুৰীত তেওঁৰ ওপৰত হোৱা আক্ৰমণতো হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজেন সিং জড়িত আছিল বুলি মন্তব্য কৰে অখিলে৷ লাফিকুল হত্যাাকাণ্ডৰ আটাইবিলাক কথা লুকুৱাই এতিয়া লাফিকুলক যিসকলে গৰু ছিণ্ডকেটৰ বিষয়ে জড়িত কৰি বিষয়টো লঘু কৰিব বিচাৰিছে তেওঁলোককো তদন্তৰ আওঁতালৈ আনিব লাগে বুলি দাবী উত্থাপন কৰে অখিল গগৈয়ে ৷