
newsnextone.com | মৰিগাঁওঃ মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত যোৱা কেইবাটাও নবছৰ ধৰি গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও জলসম্ুদ বিভাগ, স্থানীয় প্ৰশাসন তথা চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
গৰাখহনীয়াই নিমিষতে গৃহহাৰা কৰে শ শ লোকক। গৃহহাৰা হৈ পৰা লোকসকলে সন্তান আৰু পশুধনসহ কোনোমতে নিজক বচাই চৰকাৰী পথত আশ্ৰয় ল'বলৈ বাধ্য হৈ পৰে। প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ লগতে জলসম্পদ বিভাগৰ ঠিকাদাৰ প্ৰেমৰ বাবেই মথাউৰি ছিঙি-খহি বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈ আহিছে।
২০১৭ চনৰ জুলাই মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাহৰীঘাটৰ নতুনকৈ নিৰ্মাণ কৰা জৰাজীৰ্ণ মথাউৰি পৰিদৰ্শন কৰি প্ৰশাসনক উচিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। সকলো মথাউৰি গৰাথহনীয়া ৰোধৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছিল যদিও সকলো ফুটুকাৰ ফেন হৈ পৰিল৷
মৰিগাঁও জিলাৰ উত্তৰাঞ্চল তথা লাহৰীঘাটত বৰলুইতৰ খহনীয়াই এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে। খহনীয়াত এতিয়া চপৰা চপৰে খহিব ধৰিছে বৰলুইতৰ পাৰ। নিতৌ খহনীয়াত জাহ গৈছে বহুতো লোকৰ মাটি ভেটিৰ লগতে খেতি-মাটি। যাৰ ফলত বৃহত্তৰ অঞ্চলটোত এতিয়া চৌদিশে হাঁহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।
লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তগৰ্ত তুলসিবড়ী গাঁৱত বৰলুইতৰ ভয়াবহ তাণ্ডৱে এতিয়ালৈকে প্ৰায় ৪০০ ঘৰ লোকে নিজৰ মাটি-ভেটি হেৰুৱাই নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। কেৱল এয়াই নহয় তুলসীবড়ী গাঁৱত বৰলুইতৰ ভয়াবহ তাণ্ডৱত এতিয়ালৈকে তিনিখনকৈ চৰকাৰী বিদ্যালয়ৰ লগতে গাঁওখনৰ লোকসকলৰ বুকুৰ আপোন ১২০ বছৰীয়া জামে মজছিদটো জাহ যায় ব্ৰহ্মপুত্ৰৰ বুকুত।
বহুতো লোকে নিজৰ মাটি ভেটি হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হ’ব লগীয়া হৈছে। কিন্তু ইমানৰ পাছতো বৰলুইতৰ খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই জলসম্পদ বিভাগৰ লগতে অসম চৰকাৰ। উল্লেখ্য যে, স্বাধীনতাৰ পাছৰে পৰা লাহৰীঘাটত বৰলুইতৰ ভয়াবহ তাণ্ডৱ চলাই গৈছে। কিন্তু আজিলৈ কোনো এখন চৰকাৰে বৰলুইতৰ খহনীয়া ৰোধ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে বুলি ক্ষোভ উজাৰে স্থানীয় ৰাইজে।