07
Jan
2019

লাহোৱালঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। শতাধিক যান-বাহন অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি ৰাখে বুলি জানিব পৰা যায়৷