
লাহোৱালঃ ডিব্ৰুগড় জিলা কবি সন্মিলনৰ বৰ্ষাকালীন কবি সন্মিলন টেঙাখাত শাখা কবি সন্মিলনৰ উদ্যোগত স্থানীয় গান্ধী ভৱনত আজি অনুষ্ঠিত হয়।
ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি ৰাজেন বড়াৰ সভাপতিত্বত অনুষ্ঠিত কবি সন্মিলনত পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি অজিত বড়া, সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ সোণোৱালে।
সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই বিশিষ্ট অতিথি উপস্থিত থাকি কবিতা সাহিত্যৰ এটা শাখা বুলি কয়।
কবিতাই মানুহৰ সুখ দুখৰ কথা কোৱাৰ লগতে কবিৰ জৰিয়তে বিদ্ৰোহ আৰু প্ৰতিবাদো কৰিব পাৰে বুলি কয়৷ সন্মিলনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰে। কবি সন্মিলনৰ পূৰ্বে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
সভাত আগন্তুক মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ লগতে মুখপত্ৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হয়। জিলা কাৰ্যালয় নিৰ্মানৰ কাম কৰাৰ লগতে ৰাম গগৈৰ আৱক্ষ মূৰ্ত্তি নিৰ্মাণৰ সিদ্ধান্ত লয় সভাই।