লাহোৱালঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ডিকমত ৰহমৰীয়াবাসী ৰাইজৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। তেওঁলোকে ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দল-সংগঠন তথা ৰাইজৰ সহযোগ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ মন কৰিবলগীয়া।

ৰহমৰীয়াৰ দহ সহস্ৰাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি ৰহমৰীয়াৰ চামনি নতুন গাঁও খেলপথাৰৰপৰা নাদুৱা চাইদিংলৈ ৯ কিলোমিটাৰ পথ গাড়ী আৰু মটৰ চাইকেলৰে ৰেলী কৰে। 

প্ৰতিবাদী ৰাইজে নাদুৱা চাইদিংৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পদযাত্ৰা কৰি ডিকমত চাৰি ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি ৰাখে। প্ৰতিবাদস্থলীত কালিৰাম শইকীয়া, সঞ্জয় বৰুৱা, দীননাথ দত্ত, লিখন বৰুৱা, অজয় গগৈ, দ্বীবন ফুকন, দৰ্পন কুমাৰ দাস, লাজাৰ নন্দ, উদয়ন বৰুৱা, ৰমেশ গোঁহাইয়ে বক্তব্য প্ৰদান কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰহমৰীয়া ৰাইজে জংগীৰ আন্দোলনৰ কাৰ্যসূচী ল’ব বুলি জানিবলৈ দিছে।