ডিব্ৰুগড়ঃ বানাক্ৰান্তক সহায় কৰিবলৈ ওলাই আহিছে ছাত্ৰ সমাজ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ, টেঙাখাত ছাত্ৰ সমাজ আৰু নামৰূপৰ লেখিকা সমাৰোহৰ উদ্যোগত দেওবাৰে ডিব্ৰুগড়ৰ লেজাইৰ বানাক্ৰান্তক বান সাহায্য প্ৰদান কৰে৷

চাকৈ পথাৰ, দ’ কলাখোৱাকে ধৰি প্ৰায় ৪খন গাঁৱৰ ৪৫২টা পৰিয়ালক চাউল, আলু, দাইল, নিমখ, মটৰ, বিস্কুট, চিৰা, পানীৰ বটল, চেন্দেল, কাপোৰ বিতৰণ কৰে অনুষ্ঠান কেইটাই৷

বানাক্ৰান্ত লোকসকলৰ সৈতে বিভিন্ন সমস্যাৰ বিষয়েও মত-বিনিময় কৰে৷ লাহোৱাল অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে একগোট হৈ লাহোৱাল ছাত্ৰ সমাজ গঠন কৰি বিভিন্ন সামাজিক কাম কৰি আহিছে৷