লাহোৱালঃ অসম সৰ্বশিক্ষা অভিযান মিছন, ডিব্ৰুগড়ৰ উদ্যোগত ২৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলা পুথিভড়াঁলত জিলা ভিত্তিক জ্ঞানমেলা-২০১৯ অনুষ্ঠিত হয়। 

ডিব্ৰুগড় জিলাৰ ছয়টা শিক্ষাখণ্ডৰ প্ৰতিনিধিত্বমূলক ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান, গণিতৰ উদ্ভাৱনীমূলক প্ৰকল্পৰ লগতে কুইজৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহযোগী অধ্যাপিকা ডঃ শিখামণি শৰ্মাই। 

প্ৰকল্পৰ প্ৰতিযোগিতাত প্ৰথম স্থান টেঙাখাত শিক্ষাখণ্ডৰ শেনছোৱা মজলীয়া বিদ্যালয় (বিজ্ঞান), দ্বিতীয় স্থান পানীতোলা শিক্ষাখণ্ডৰ ন’কাৰি মজলীয়া বিদ্যালয় (বিজ্ঞান) আৰু তৃতীয় স্থান জয়পুৰ শিক্ষাখণ্ডৰ শুকানি দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয়ে (গণিত) দখল কৰে।

বিচাৰক হিচাপে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুদক্ষিণা দাস বৰদলৈ, ৰসায়ন বিভাগৰ সহযোগী অধ্যাপিকা ডঃ শিখামণি শৰ্মা, নৃতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা ডঃ নিতুমণি শইকীয়া, কছাৰীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নলিনী মজুমদাৰ আৰু বাঘমৰা মধ্য ইংৰাজী বিদ্যালয়ৰ নীল মাধৱ বৰাই প্ৰতিযোগিতাখন তদাৰক কৰে। 

আনহাতে কুইজ প্ৰতিযোগিতাত খোৱাং শিক্ষাখণ্ডৰ পথালিবাম উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰথম, বৰবৰুৱা শিক্ষাখণ্ডৰ নৱজ্যোতি বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ে দ্বিতীয় আৰু লাহোৱাল শিক্ষাখণ্ডৰ ফুলামপুৰ শ্ৰীশ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ে তৃতীয় স্থান দখল কৰে। 

কুইজ মাষ্টাৰ ক্ৰমে বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ মানস হাজৰিকা আৰু হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফণীধৰ বৰগোহাঁইয়ে প্ৰতিযোগিতা পৰিচালনা কৰে। ডিব্ৰুগড় জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) মণিমা ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটোত জিলা আঁচনি বিষয়া (সমাজ জড়িতকৰণ) নিবেদিতা বৰুৱা, লাহোৱাল শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰিণ্টি দিহিংঙীয়াৰ লগতে অনু বৰুৱা, পায়েল বেনাৰ্জী, বৰষা বৰুৱা, মাধুৰ্য দত্ত, জ্যোতিসুন্দৰ ভৌমিক প্ৰমূখ্যে সমল কেন্দ্ৰ সমন্বয়কসকল উপস্থিত থাকে। ডিব্ৰুগড়ৰ অগ্ৰণী পৰিৱেশ সংগঠন ইৰাব-কিৰাবৰ সমন্বয়ক নকুল খাউণ্ডে ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰে।