লাহোৱালঃ একাংশ লোকে আৰু যুৱ প্ৰজন্মই ছ'চিয়েল মিডিয়াক অসৎ কামৰ বাবে ব্যৱহাৰ কৰে যদিও আন একাংশ লোকে ছ'চিয়েল মিডিয়া যোগে সাহিত্য চৰ্চা আৰম্ভ কৰিছে৷

এই অনুযায়ী টেঙাখাট গান্ধী ভৱনত হোৱাটছএপ গ্ৰুপ ‘কবিতা কানন’ৰ উদ্যোগত গীত কবিতাৰ এক অন্তৰংগ আলাপ দেওবাৰে অনুষ্ঠিত হৈ যায৷

অনুষ্ঠানত বিশিষ্ট কবি অজিত কুমাৰ দত্ত, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰাজীৱ কোঁৱৰ, আপকুৰ ডিব্ৰুগড় জিলা সভাপতি তিলক ফুকন উপস্থিত থাকে। অনুষ্ঠানতে হীৰুদাৰ স্মৃতিত প্ৰকাশ হোৱা হাতে লিখা আলোচনী 'চেতনা'ৰ চতুৰ্থতো সংখ্যা প্ৰকাশ পায়।

ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়ি যোৱা গোটটোৰ ভৱিষ্যত কৰ্ম সম্পৰ্কে উপস্থিতসকলে শুভকামনা জনায়। গোটৰ প্ৰতিষ্ঠাপক প্ৰশাসক সত্যজিত চাচনিয়ে উপস্থিত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাগত দিনতো সহযোগিতা বিচাৰে। গোটৰ আগন্তুক বৈঠকখন চেপনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।