06
Jun
2019

লখিমপুৰঃ পবিত্ৰ ঈদৰ আনন্দ যাতে সমাজৰ দুখীয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগী সকলেও উপভোগ কৰিব পাৰে আৰু হিন্দু-মুছলমানৰ ভাতৃত্ব এনাজৰী অটুট ৰক্ষাৰ প্ৰচেষ্টাৰে৷
লখিমপুৰ জিলা মুছলিম গণ মঞ্চই পবিত্র ঈদৰ দিনটোত লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰায় ৩৫০ গৰাকী ৰোগীক লঘু আহাৰ আৰু বিশুদ্ধ খোৱাপানী বিতৰণ কৰে।
মুছলিম গণ মঞ্চই লঘু আহাৰ আৰু খোৱাপানী বিতৰণ কৰা কাৰ্য্যসূচীত সহযোগ কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কেইবাটাও সংগঠনে।
জিয়াউল আলী, লখিমপুৰ