08
May
2019

জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীৰ মহিলাৰ ওপৰত গুণ্ডামিৰ অভিযোগ উঠিছে।
মঙলবাৰে নিশা প্ৰায় ৮ বজাত আচামীক ধৰিব গৈ মহিলাক প্ৰহাৰ কৰে আৰক্ষীৰ এটা দলে।
উল্লেখ যে বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম টেঙাবস্তি গাঁৱত এজন আচামীক ধৰিবলৈ গৈ পুৰুষ আৰক্ষীৰে হতাহতি হয় আচামীৰ পত্নীৰ। আচামীৰ পত্নীয়ে আৰক্ষীৰ গাড়ীত উঠিবলৈ ধৰাত আৰক্ষীয়ে বাধা দিয়াত মহিলাগৰাকীৰ লগত হতাহতি হয় আৰু মহিলাগৰাকী আঘাতপ্ৰাপ্ত হয়।
আন এগৰাকী মহিলকো পুৰুষ আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰে।
ইয়াকে লৈ অঞ্চলটোৰ ৰাইজ উত্তেজিত হৈ পৰে। সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো আৰক্ষীয়ে বাধা প্ৰদান কৰে।
এই ঘটনা সন্দৰ্ভত সাংবাদিকে আৰক্ষীক প্ৰশ্ন কৰাত আৰক্ষীয়ে কোনো ভাষ্য দিয়াৰ পৰা দূৰত থাকে। ইয়ৈকো লৈ ঘটনাটো ৰহস্যঘন হৈ পৰা দেখা গৈছে।