
লখিমপুৰঃ মনোনয়ন-পত্ৰ নাকচ হোৱাৰপৰা কোনোমতে ৰক্ষা পৰিল লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁই।
♦ বুধবাৰে গধূলি পৰীক্ষণ প্ৰক্ৰিয়াৰ সমাপ্তিৰ লগে লগেই ৰকিবুল হুছেইনে কংগ্ৰেছ কাৰ্যালয়ত সম্বোধন কৰে এখন সংবাদমেলৰ।
♦ তেওঁৰ অভিযোগ, হিমন্ত বিশ্ব শৰ্মা বিজেপিত থাকিও তলে তলে কংগ্ৰেছৰ লগত কৰা মিতিৰালিৰ বাবেই টিকত নাপালে।
♦ অনিল বৰগোহাঁই মনোনয়ন বাতিল কৰাবৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ।
♦ বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ এটাও পূৰাণ কৰা নাই।
♦ সংবাদ মেলত ৰকিবুলে শিয়ালৰ লগত ৰিজালে হিমন্তক।
♦ যেনেকৈ শিয়ালে আঙুৰ খাবলৈ নাপাই টেঙা বুলি কৈছিল, হিমন্তয়ো টিকত নাপাই আবুল তাবুল বলকিছে।
♦ লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য হুছেইনৰ।