লখিমপুৰঃ লখিমপুৰ চহৰত ১১১নং লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল দত্তই ৰাজ্যিক স্ব-প্ৰাধান্য উন্নয়ন ২০১৮-১৯ আঁচনিৰ অধীনত ন-টাকৈ পথৰ শনিবাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে।

পথ কেইটা ক্ৰমে চাপৰি গাঁও পথ, গৰীয়াজান- বগলীজান পথ, ডি চি কৰ্টৰপৰা লখিমপুৰ দৈনিক বজাৰ পথ,১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা বামুণ দলনী পথ, শনি মন্দিৰ পথ, মাউটৰচুক ঘাৰমৰা পথ, গড়েহগা ঘাৰমৰা পথ, ৰে'লৱে ষ্টেচন পথ, খগেন গগৈ পথ। 

বিধায়কজনে কয় যে সৰ্বমুঠ ৩৯ টা পথ লখিমপুৰ বিধানসভাৰ সমষ্টিত আৱণ্টন দিয়া হয়। উক্ত পথ সমূহৰ কাম অতি সোনকালে আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।