
লখিমপুৰঃ লখিমপুৰ চহৰৰ মাজমজিয়াত অবস্থিত নট-সৈনিক আলি হাইদৰ নাট্যমঞ্চ আৰু থিয়েটাৰ প্ৰকল্পত এক সভাৰ আয়োজন হয়।
উক্ত সভাত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক বাহাৰুল ইছলামে লখিমপুৰ থিয়েটাৰ একাডেমিৰ শুভাৰম্ভ কৰে।
শুভাৰম্ভণী সভাত উপস্থিত থাকে লখিমপুৰৰ উপ-আৰক্ষী অধিক্ষক ৰশ্মি শৰ্মা, উক্ত সভাত ভাষণ প্ৰসংগত বাহাৰুল ইছলামে লখিমপুৰ থিয়েটাৰ একাডেমিখনৰ উত্তৰোত্তৰ কামনা কৰি ভবিষ্যতলৈকে একাডেমিখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়াৰ উপৰিও সহায় সহযোগ কৰি যাব।
এই একাডেমীখনৰ আৰম্ভ কৰাৰ সপোন আছিল বিশিষ্ট নাট্যকাৰ নট-সৈনিক আলি হাইদৰৰ আৰু তেওঁৰ এই সপোন আজি দিঠকত পৰিণত হ'বলৈ গৈ আছে।
তেওঁ আলি হাইদৰৰ দৰে মহান শিল্পীৰ বাবে যিকোনো কাম কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে।
লখিমপুৰ থিয়েটাৰ একাডেমিখনত প্ৰতি শনি আৰু দেওবাৰে চলচ্চিত্ৰ আৰু নাট্য জগতৰ অভিজ্ঞ আৰু প্ৰতিষ্ঠিত শিল্পীৰদ্বাৰা নিয়মিত পাঠদান কৰা হ'ব।
একাডেমিখনত অভিনয়, যোগ সাধনা, আবৃত্তি, মুখা শিল্প, প্ৰসাধন, মঞ্চ সজ্জা, দৃশ্য সজ্জা, ঘোষক, লাইট, কেমেৰা আদিৰ শিক্ষা দিয়া হ'ব।