তেজপুৰঃ আজি লক্ষ্মী পূজা। শৰতৰ বুকুত দুৰ্গোৎসৱৰ পাছতে এইবাৰ আই লক্ষ্মীৰ পূজা৷ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো ধনদেৱী লক্ষ্মী পূজাক লৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে।

লক্ষ্মী পূজাক কেন্দ্ৰ কৰি তেজপুৰৰ বজাৰ সমাৰ ভৰি পৰিছে পূজাৰ সামগ্ৰীৰে৷ ধানৰ সীহৰ পৰা বেলপাতটোলৈ সকলো উপলব্ধ হৈ পৰিছে বজাৰত৷ আনহাতে সামগ্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ীসকলে সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷

কিন্তু তাৰ পাছতো ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে তেজপুৰতো গ্ৰাহকৰ ভীৰ দেখিবলৈ পোৱা গৈছে৷ ইফালে তেজপুৰৰ ডিপোটা, মিলনপুৰত লক্ষ্মী পূজা উপলক্ষে নাট্য অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে ঐতিহ্যমণ্ডিত ৰাস মন্দিৰ উপলক্ষে পৰম্পৰাাগত ভাবে আগন্তক ৰাসৰ নাটমেলা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷