newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰে’ল মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱ বহুদিনৰ পৰা অসুস্থতাৰ বাবে মুম্বাইস্থিত এছিয়ান ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছিল৷ জানিব পৰা মতে, লালু প্ৰসাদক চিকিৎসালয়ৰ পৰা শুকুৰবাৰে ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়৷ আৰজেডিৰ তথ্য অনুসৰি, চিকিৎসালয়ৰ পৰা চুটি লোৱাৰ পাছতে শনিবাৰে দুপৰীয়া লালুৱে পাটনালৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে৷

হৃদৰোগ আৰু বৃক্কজনিত বেমাৰৰ লগত যুঁজ দি থকা লালু প্ৰসাদে দুমাহ মানৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ জানিব পৰা মতে লালুৰ শৰীৰৰ অৱস্থা সুষ্ঠ নহয় বুলি কয় হাস্পতালৰ কতৃৰ্পক্ষই৷ শ্বাস-প্ৰশ্বাসৰ লগত জড়িত সমস্যা আৰু বৃক্কত ইনফেক্সন হোৱাৰ বাবে তেওঁৰ চিকিৎসাত কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

 সোমবাৰে লালু প্ৰসাদৰ পুত্ৰ আৰু বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে পিতৃক সাক্ষাৎ কৰিবলৈ হস্পিতাললৈ যায়। ইয়াৰ পিছতে পিতৃৰ  শৰীৰিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে তেজস্বীয়ে৷ 

উল্লেখযোগ্য যে, শুকুৰবাৰে ঝাৰখণ্ডৰ উচ্চ ন্যায়লয়ে লালু প্ৰসাদৰ অস্থায়ী জামিনৰ বাবে সময় বঢ়োৱাৰ বিষয়ত অস্বীকাৰ কৰে৷ লগতে আদালতে ৩০ আগষ্টৰ ভিতৰত লালু প্ৰসাদক আত্মসমৰ্পন কৰিবলৈ আদেশ জাৰি কৰিছে৷ যোৱা ১০ মে’ৰ পৰা শৰীৰৰ অসুস্থতাৰ বাবে লালু প্ৰসাদ জামিনত আছে৷ ৰাঁচীৰ বিশেষ চিবিআইৰ আদালতে বিহাৰৰ খাদ্য কেলেংকাৰীৰ লগতে আন তিনিটাকৈ বিষয়ত বেলেগকৈ শাস্তিৰ ঘোষণা কৰিছে।