ডিজিটেল ডেস্কঃ ১৪ বছৰ জেলত কটাবলগীয়া আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ বৰ্তমান স্বাস্থ্যৰ অৱনতি ঘটিছে৷ ১৭ মাৰ্চৰ পৰা ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অফ মেডিকেল ছাইন্সত চিকিৎসাধীন হৈ আছিল যাদৱে৷ কিন্তু নেতাগৰাকীৰ স্বাস্থ্য সুস্থিৰ হৈ নুঠাৰ পৰিপ্ৰেক্ষিতত ৰিমছৰ চিকিৎসক তথা চিবিআইৰ বিশেষ আদালতে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰে লালুক৷ 

বৃহস্পতিবাৰে লালু প্ৰসাদ যাদৱে ৰাজধানী এক্সপ্ৰেছ যোগে ৰাজধানীত উপস্থিত হৈয়েই আক্ৰমণৰ লক্ষ্য কৰি লয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক৷ কুমাৰক কটাক্ষ কৰি লালুৱে কয়, বিহাৰত বৰ্তমান চাৰিওফালে হিংসাত্মক পৰিস্থিতি বিৰাজমান৷ বিজেপিয়ে ৰাজ্যখনত এতিয়া হিংসাৰ বিষবাষ্প বিয়পাই দিলে৷ যাৰ বাবে নীতিশ বিহাৰত একেবাৰে বিধ্বস্ত হৈ গ’ল৷

জানিব পৰা মতে, আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য একেবাৰে শোচনীয় হৈ পৰাৰ বাবে ৰাঁচীৰ পৰা দিল্লীলৈ নিবলৈ লালুৰ জীয়ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উৰাজাহাজৰ ব্যৱস্থা কৰিবলৈ আবেদন জনাইছিল৷ কিন্তু লালুৰ জীয়ৰী মীছা ভাৰতীৰ অনুৰোধ গ্ৰহণ নকৰিলে কেন্দ্ৰীয় চৰকাৰে৷ যাৰ বাবে লালুৱে ৰাজধানী এক্সপ্ৰেছ যোগে দিল্লীত  উপস্থিত হয়৷ ৰাজধানীত উপস্থিত হোৱাৰ সময়ত দিল্লীৰ ৰেল ষ্টেচনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল৷  

উল্লেখ্য যে ১৪ বছৰ জেলত কটাব লাগিব আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱে৷ এয়াই নহয় ৰাজকোষক উভতাই দিব লাগিব ৬০ লাখ টকা৷ পশু খাদ্য কেলেংকাৰীৰ অধীনৰ ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰত লালুপ্ৰসাদ যাদৱক শাস্তি ঘোষণা কৰে চিবিআইৰ বিশেষ আদালতে৷ 

দুটা সুকীয়া গোচৰত লালুক দুটা বিশেষ ধাৰাত ৭ বছৰ, ৭ বছৰকৈ জেল ঘোষণা কৰে৷ আনহাতে দুয়োটা ধাৰাত ৩০ লাখ, ৩০ লাখ টকা জৰিমণা বিহে৷ জৰিমণা নিদিলে অতিৰিক্ত ২ বছৰ জেলত বেছিকৈ থাকিব লাগিব লালুৱে৷