
লালুকঃ লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুবি মালবস্তিত দেওবাৰে বিয়লি এজন চাইকেল আৰোহীক এখন গাড়ীয়ে খুন্দিয়াই আহত কৰি গাড়ীসহ চালকজন পলায়ণ কৰে।
আৰক্ষী সুত্ৰে জানিব পৰা মতে বিয়লি প্ৰায় ৩-২০ বজাত লালুকৰপৰা নজ গৃৃৃৃহৰ দিশে চাইকেলেৰে গৈ থকা লালুক থানাৰ অন্তৰ্গত টুনীজানৰ জাগন তাতিৰ পুত্ৰ এডোৱাৰ তাতি (হৰ, ২৭)ক মালবস্তিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত একে দিশৰপৰা অহা এখন অজ্ঞাত বাহনে খুন্দিয়াই পলাই থৈ যায়।
ঘটনাৰ সন্দৰ্ভত প্ৰত্যক্ষদৰ্ক্ষীয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত লোকজনক চিকিৎসাৰ বাবে লালুক আদৰ্শ চিকিৎসালয়লৈ আনে যদিও আহত লোকজন চিকিৎসালয়তে মৃত্যু হয়।
ইফালে দুৰ্ঘটনা সংঘটিত কৰা পলাতক বাহনখনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে লালুক থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰত সন্ধিয়া সংঘটিত আন এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়৷
প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰৰপৰা নিজ গৃহলৈ আহি থকা সময়ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সোনাপুৰত থকা এটা গতিৰোধক পাৰ হওঁতেই মটৰচাইকেলেৰে আহি থকা মহিলা গৰাকী পৰি যায়৷ আকস্মিকভাৱে নিজৰ ভাৰসাম্য ৰাখিব নোৱাৰি পৰি যোৱা মহিলা গৰাকীক ততাতৈয়াকৈ লালুক আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও কিছু সময় পাছতে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে৷
নিহত মহিলা গৰাকী কেহুতলিৰ ৰূপালী বেগম (৪৫) বুলি জানিব পৰা গৈছে৷ উল্লেখ যে নিজ স্বামীৰ লগতে মহিলাগৰাকী মটৰচাইকেলত আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়৷