লালুকঃ লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ উত্তৰ লালুক গাওঁ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতাৰ অভিযোগ তুলি আজি পঞ্চায়ত খনৰ ১০ নং ৱাৰ্ডৰ ৰাইজে কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ 

হাতে হাতে প্লে কাৰ্ড লৈ ৰাইজে 'সভাপতিৰ স্বেচ্ছাচাৰিতা বন্ধ কৰক’, 'আঁচনিৰ ধন সম বিতৰন কৰক’, 'দুৰ্নীতি বন্ধ কৰক’ আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷ 

ৰাইজে অভিযোগ কৰা মতে ৱাৰ্ডটোৰ সদস্য জনে 'আমাৰ গাওঁ আমাৰ আচঁনি’ৰ অধীনত উন্নয়নমূলক আচঁনিৰ বাবে হিতাধীকাৰীৰ নাম বাচনি কৰি দিয়াৰ পাছতো সভাপতি জনে তালিকাত বিভিন্ন আসোঁৱাহ দেখুৱাই নাম সমুহ কৰ্তন কৰিছে৷ 

বিগত সময়তো ১০ নং ৱাডৰ সদস্যজনক অৱজ্ঞা কৰি উন্নয়ন মূলক আচঁনিৰ পৰা ৰাইজক বঞ্চিত কৰি অহাৰ অভিযোগ কৰে ৰাইজে৷ সেয়ে আজি ৱাৰ্ডটোৰ ৰাইজ একত্ৰিত হৈ সভাপতি জনে কৰি অহা এনে বৈষম্যতাৰ তাৎক্ষণিক সমাধানৰ বাবে পঞ্চায়তৰ সচিব গৰাকীক দাবী জনায়৷ 

উক্ত ধৰ্ণা কাৰ্যসূচীত ৱাৰ্ড সদস্য ফিলিপ ধান, আছাৰ উপ সভাপতি যিহুচোৱা ভেংৰা, ষ্টিফেন চাণ্ডিগুৰীয়া চামিল হয়।