লালুকঃ লালুকৰ সমীপৰ দৌলতপুৰ মাদ্ৰাছা উঃ মাঃ বিদ্যালয়ৰ খেলপথাৰত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই ট্ৰেক্টৰেৰে খান্দি বিস্তৰ ক্ষতি সাধন কৰে৷

লখিমপুৰৰ নাওবৈচাৰ সংখ্যালঘু বসতিপ্ৰধান এলেকা দৌলতপুৰত৷ ১৭ মাৰ্চৰপৰা তিনি দিনীয়াকৈ লখিমপুৰৰ দৌলতপুৰ খেলপথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল এখন দিবা-নৈশ ক্ৰিকেট টুৰ্নামেন্ট৷ 

সম্পূৰ্ণৰূপে আই পি এলৰ আৰ্হিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ নিলামৰ জৰিয়তে অনুষ্ঠিত হ’বলগীয়া খেলখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত হোৱাৰ কথা আছিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নৱ কুমাৰ দলে, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু জ্যেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিং৷

সংখ্যালঘু বসতিপ্ৰধান অঞ্চলটোত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এইসকল মন্ত্ৰী-সাংসদক এনেদেৰে আমন্ত্ৰণ কৰাক লৈ একাংশ লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ বিগত কিছুদিন ধৰি ইয়াকে লৈ সৃষ্টি হৈছিল বিতৰ্কৰ৷

ইয়াৰ মাজতে যোৱা নিশা কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে নিশাৰ ভাগত খেলপথাৰখন ট্ৰেক্টৰেৰে সম্পূৰ্ণৰূপে চহাই পেলায়৷ পুৱাৰ ভাগত খেল পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াই এই দৃশ্য দেখি হতবাক হৈ পৰিছে৷