নলবাৰীঃ নলবাৰী জিলাৰ সৰিয়হতলিৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত বিশ্ব ভূমি দিৱস উদযাপন কৰা হয়। জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ডঃ মৃদুল ডেকাই আতঁ ধৰা অনুষ্ঠানটোত ভাৰতৰ চৰকাৰৰ কৃষি টেকনলজি আৰু কৌশল গৱেষনাৰ সঞ্চালক অনিল কুমাৰ ত্ৰিপাঠী, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, নলবাৰী উন্নয়ণ আয়ুক্ত নাদিৰা জেছমিন, জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা সহ কেইবাজনো বিশিষ্ট লোকৰ লগতে জিলাখনৰ কৃষক সকল উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ ৰাখি ভাৰত চৰকাৰৰ কৃষি টেকনলজি আৰু কৌশল গৱেষণাৰ সঞ্চালক অনিল কুমাৰ ত্ৰিপাঠীয়ে উৎপাদন বৃদ্ধি কৰিব লাগিলে মাটিৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মাটি সাৰুৱা। ইয়াক মাথো সঠিক কামত লগাব লাগিব। ভাষণ প্ৰসংগত ত্ৰিপাঠীয়ে কৃষি হৈছে দেশৰ অৰ্থনীতিৰ মূল চালিকা শক্তি আৰু নিৱনুৱা সমস্যা সমাধানৰ অন্যতম । এই ক্ষেত্ৰত কৃষিক অধিক গুৰুত্ব দিয়া প্ৰয়োজন আছে বুলিও কয়। অনুষ্ঠানত নলবাৰী জিলাৰ পাঁচ শতাধিক কৃষকক পাঁচ খন মাটিৰ স্বাস্থ্য পত্ৰ প্ৰদান কৰা হয়।