নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ঐতিহ্যমণ্ডিত জামুগুৰি দুৰ্গোৎসৱ সমিতিলৈ মৰিগাঁও জিলাৰ পচতীয়া নিবাসী ভূপেন্দ্ৰ মোহন গোস্বামীয়ে দুই বিঘা এক কঠা ভূমি দানসূত্ৰে আগবঢ়াইছে৷ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোস্বামীয়ে তেওঁৰ প্ৰয়াত পিতৃ-মাতৃ অভয়ানন্দ গোস্বামী আৰু সৰ্বেশ্বৰী গোস্বামীৰ স্মৃতি ৰক্ষাৰ্থে জামুগুৰি চাৰিআলিত থকা ম্যাদী পট্টাৰ উক্ত ভূমিখিনি আগবঢ়াইছে৷

ইতিমধ্যে যোৱা ১৬ অক্টোবৰত এই ভূমিখিনি জামুগুৰি দুৰ্গোৎসৱক সমিতিলৈ আনুষ্ঠানিকভাবে হস্তান্তৰ কৰে৷ নিজাববীয়াকৈ স্থায়ী মণ্ডপ নথকাৰ হেতু বিগত সময়ছোৱাত বহু সমস্যাৰে মোকাবিলা কৰি এই পূজাভাগ জামুগুৰি চাৰিআলিৰ বজাৰগৃহতে অস্থায়ীৰূপত উদযাপন কৰি অহা হৈছিল৷

কিন্তু এতিয়া সুহৃদয়ৰ গৰাকী ভূপেন্দ্ৰ মোহন গোস্বামীৰ বদ্যনতাৰ বাবেই সেই বহদিনীয়া অভাৱ পূৰ হৈছে বুলি উল্লেখ কৰি অতি শীঘ্ৰেই দানপ্ৰাপ্ত সেই ভূমিত পূজা মণ্ডপৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্তৰ কথা জানিবলৈ দিছে জামুগুৰি দুৰ্গোৎসৱ সমিতিৰ সভাপতি যতীন বৰঠাকুৰ আৰু যুটীয়া সম্পাদক দুল গোস্বামী,বলিন বৰা আৰু নিপন শৰ্মাই৷