
ডিজিটেল ডেস্কঃ নেপালত অব্যাহত আছে ধ্বংসলীলা। একেৰাহে কেইবাদিনো ধৰি চলা ধাৰাসাৰ বৰষুণৰ ফলত দেওবাৰৰ ৰাতিৰ পৰা সংঘটিত হয় ভূমি স্খলন। চহৰৰ মাজেৰে বৈ যোৱা নৈ সমূহৰ বাঢ়নী পানীয়ে পলকতে বুৰাই পেলায় কাঠমাণ্ডু চহৰ।
কাঠমাণ্ডুৰ গৃহ মন্ত্ৰনালয়ে প্ৰকাশ কৰা মতে এতিয়ালৈ এই দূৰ্যোগত মৃত্যু ঘটা মৃতকৰ সংখ্যা ৯১ জনলৈ বৃদ্ধি পাইছে। তাৰোপৰি ৩৫ জন ব্যক্তিৰ সন্ধান এতিয়ালৈ লাভ কৰিব পৰা হোৱা নাই। আনহাতে প্ৰায় তিনি হাজাৰ লোক হৈ পৰিছে আশ্ৰয়হীন।
নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হোৱা বান আৰু ভূমিস্খলনে এতিয়া চহৰখনত নমাই আনিছে অমানিশা। নেপাল চৰকাৰে ইতিমধ্যে দূৰ্যোগত ভোগা সকলক সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰিছে। হেলিকপ্টাৰ আৰু নাৱেৰে বৰ্তমানো দূৰ্যোগ অঞ্চলত উদ্ধাৰ অভিজান অব্যাহত ৰাখিছে।
গৃহ বিভাগে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে। আনহাতে নিহত আৰু সন্ধানহীন সকলৰ মাজত কেইবাজনো বিদেশী পৰ্যটক আছিল বুলি জানিব পৰা গৈছে।