গুৱাহাটীঃ খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সম্পাদক অমিতাভ শৰ্মাৰ বিৰুদ্ধে মহিলাক অপহৰণ কৰি নেপাললৈ লৈ যোৱাৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ 

খিলঞ্জীয়াৰ হৈ সততে মাত মতা তথা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় শৰ্মাৰ বিৰুদ্ধে এগৰাকী মহিলাই কাকী আৰক্ষীৰ থানাত অভিযোগ দাখিলৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ 

কাকীৰ বিজেপি কৰ্মী বিনীতা বৰা নামৰ মহিলাগৰাকীয়ে অভিযোগ কৰা মতে অমিতাভ শৰ্মাই যোৱা ২৪ জানুৱাৰীত তেওঁ কাকীৰপৰা গুৱাহাটীলৈ ফোনযোগে মাতি নিছিল৷ গুৱাহাটীত শৰ্মাই মহিলাগৰাকীক চোকা অস্ত্ৰ দেখুওৱাই মহিলাগৰাকীৰ হাতত থকা ১০ হাজাৰ টকা আৰু ম’বাইল হেণ্ডছেটটো হস্তগত কৰি নেপাললৈ লৈ গৈছিল৷ 

বিনীতা বৰা নামৰ বিজেপি কৰ্মীগৰাকীয়ে আৰু অভিযোগ কৰা মতে অমিতাভ শৰ্মাই হেনো নেপালত তেওঁক ভাবুকি দি কৈছিল যে ইয়াত তেওঁক উদ্ধাৰ কৰিবলৈ নৰেন্দ্ৰ মোডী বা সৰ্বানন্দ সোণোৱাল আহিব নোৱাৰে৷ এতিয়া তেওঁ আৰএছ এছৰ সলনি খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ হৈ কাম কৰিব লাগিব। 

মহিলাগৰাকীৰ এই অভিযোগ অতিৰঞ্জিত যেন লাগিলেও আদালতেহে অমিতাভ শৰ্মা দোষী হয় নে নহয় সেয়া নিৰ্ধাৰণ কৰিব৷

(লংকাৰ প্ৰতিবেদকৰ সহযোগত)

ভিডিঅ’টো চাওকঃ