লংকাঃ সোমবাৰে হোজাই জিলাৰ লংকাত অসম চৰকাৰৰ স্বাস্থ্য মেলা অনুষ্ঠিত হয়। জিলা উপায়ুক্তৰ লগতে হোজাই আৰু লামডিং সমষ্টিৰ বিধায়ক ক্ৰমে শিলাদিত্য দেৱ আৰু সুপ্ৰিয় মিশ্ৰৰ উপস্থিতিত হোজাই জিলাৰ সহস্ৰাধিক লোকৰ অংশগ্ৰহণত অনুষ্ঠিত স্বাস্থ্য মেলাত চৰকাৰী স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি সম্পৰ্কত প্ৰদৰ্শনী অনুষ্ঠিত কৰি সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে বাটৰ নাট, বিনামূলীয়া স্বাস্থ্য শিবিৰো অনুষ্ঠিত কৰা হয়।