17
Aug
2018

newsnextone.com|| ডিজিটেল ডেস্কঃ ৰাজনীতিৰ মহাৰথী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু শোক এতিয়া দেশৰ প্রান্তে প্রান্তে বিৰাজমান। দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত এতিয়া বাজপেয়ীৰ নশ্বৰ দেহ লৈ সমাগম ঘটিছে লাখ লাখ মানুহৰ।
নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি সমাগমত ভাগ লৈছে ৰাহুল গান্ধী আৰু অন্য বহুতো নেতা সহিতে সাধাৰণ জনতা। সমাগমত প্ৰতিজন অনুগামীৰে মুখে মুখে উচ্চাৰিত হৈছে 'অটল বিহাৰী অমৰ হো' আৰু 'বন্দে মাতৰম'।
১৬ আগষ্টৰ সন্ধিয়া দিল্লীৰ এইমছত শে্ষ নিশ্বাস ত্যাগ কৰা দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ শেষ কৃত্য সমাপন হব শুকুৰবাৰে সন্ধিয়া ৪ বজাত বিজয় ঘাট, ৰাজ ঘাটৰ সমীপৰ ৰাষ্ট্ৰীয় স্মৃতি স্থলত।সেইয়ে এই বিশেষদিনটোত দেশ জুৰি অৰ্ধচুটি জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে। এই বন্ধ বাহাল থাকিব দিনৰ ১ বজালৈ।