
কাজিৰঙাঃ মালিকৰ বৰ্বৰ আক্ৰমণ, শোষণ-বঞ্চনাৰ বিৰুদ্ধে গোলাঘাট জিলাত বৃহস্পতিবাৰে পুৱাই ৰাজ পথলৈ ওলাই আহিল শ্ৰমিক৷ শ-শ শ্ৰমিকে পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে জিলা খনৰ বিভিন্ন ঠাইত৷ পথত টায়াৰ জ্বলাই শ-শ শ্ৰমিকে পথ অৱৰোধ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল কৰি তোলে ৰাজ পথ৷
আটছাৰ আহ্বানত পথত টায়াৰ জ্বলাই বাগিচা শ্ৰমিকে কঁপাই তোলে ৰাজপথ৷ বগীধলত প্ৰাপ্য বিচাৰি যোৱা নিৰীহ শ্ৰমিকৰ ওপৰত বাগিচাৰ মালিকে বৰ্বৰ ভাৱে নিজৰ পিষ্টলেৰে গুলী চলোৱাৰ ঘটনাই ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে বৃহস্পতিবাৰে পুৱাই গোলাঘাট জিলাৰ হাতীখুলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শ্ৰমিকসকলে৷ যাৰ ফলত উজনি-নামনিৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ বুধবাৰে মালিকৰ বৰ্বৰ অত্যাচাৰত অসম কপি উঠিল উঠিছিল৷
মালিকৰ অত্যাচাৰৰ ছবিখনে ৰাজ্যত আকৌ এবাৰ চাহ শ্ৰমিকৰ ওপৰত মালিকে কৰা শোষণ আৰু বঞ্চনাৰ কথা স্পষ্ট হৈ পৰাত ৰাজ্য চাহ শ্ৰমিকসকল উত্তেজিত হৈ পৰিছে৷ প্ৰতিবাদ কৰিবলৈ গৈ মালিকৰ গুলীত দুৰ্ভগীয়া শ্ৰমিক গুৰুতৰ ভাবে আহত হব লগা হয়৷
বুধবাৰে গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাত শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য দাবী উত্থাপন কৰিবলৈ গৈ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়তে শ্ৰমিকসকল উত্তেজিত হৈ পৰাত মালিকপক্ষই তেওলোকৰ ব্যক্তিগত পিষ্টলৰে ধাৰাষাৰ গুলীবৰ্ষণ কৰাত ১৫জনকৈ শ্ৰমিক আহত হয়৷ লগে লগে সমগ্ৰ বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰে আৰু শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলে৷
শ্ৰমিকৰ উত্তাল প্ৰতিবাদৰ মাজতে আৰক্ষী নিৰাপত্তাৰ মাজেৰে মালিক সুধীৰ ৰয় আৰু সমীৰ ৰয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে৷ ঘটনাক তীব্ৰ নিন্দা কৰে চাহ-শ্ৰমিক সন্থাৰ লগতে আটছাই৷ শ্ৰমিকৰ তেজ শুহি খোৱা মদগৰ্বী মালিকৰ এনে কাণ্ডক সকলোৱে একেমুখে ধিক্কাৰ দিয়ে৷ এই ঘটনাৰ প্ৰতিবাদত আজিও বাগিচাখনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে৷