
নলবাৰীঃ বুধবাৰে সন্ধিয়া নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত দেশ সেৱক তথা আৰ এছ এছৰ প্ৰাক্তন প্ৰয়াত নেতা, নলবাৰী বালিতাৰাৰ সুযোগ্য সন্তান শুক্লেশ্বৰ মেধি স্মাৰক বক্তৃতানুষ্ঠান খনি হৈ যায়৷
আৰ এছ এছ ৰ নেতা প্ৰশান্ত বুজৰবৰুৱাই আঁত ধৰা বক্তৃতানুষ্ঠানৰ বিষয় আছিল ভাৰতীয় অৰ্থনীতিত চীনৰ আগ্ৰাসনৰ বিৰুপ প্ৰভাৱ আৰু ইয়াৰ সমাধানৰ উপায়। উক্ত বিষয়ত বক্তৃতা প্ৰদান কৰি শিক্ষাবিদ তথা বুদ্ধজীৱি ডঃ ননীগোপাল মহন্ত ই কয় যে চীনা সামগ্ৰী অন্তৰৰ পৰা বিদায় দিয়াই প্ৰধান কাম।
তদুপৰি ভাৰতৰ ব্যৱসায় বাণিজ্যতো চাপ পৰিছে চীনা সামগ্ৰীৰ বাবে। গতিকে ইয়াক সম্পূৰ্ণ ভাবে ব্যৱহাৰ নকৰি দেশৰ বাবেও শ্ৰদ্ধা জনোৱা দৰকাৰ আছে। অনুষ্ঠানত আৰ এছ এছৰ নেতা ডাঃ উমেশ চক্ৰৱৰ্তী, ডাঃ ভূপেশ চন্দ্ৰ শৰ্মাই শুক্লেশ্বৰ মেধিক স্মৰণ কৰে।
আদিতে মেধিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে তেওঁৰ পত্নীয়ে। শুক্লেশ্বৰ মেধি স্মৃতি ন্যাস, নলবাৰীৰ উদ্যোগত হোৱা অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ৰঞ্জিত দাস, বিধায়ক ভৱেশ কলিতা, অশোক কুমাৰ শৰ্মা, নাৰায়ণ ডেকা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা সহ সহস্ৰ লোকে উপস্থিত থাকে।