লিডুঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকী অন্তৰ্গত পাৰ্বতিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা৷ বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত মটৰ চাইকেল আৰু ট্ৰেইলাৰ মাজত হোৱা সংঘৰ্ষত ২ জন মটৰ চাইকেল আৰোহী থিতাতে নিহত হয়৷ 

নিহত হোৱা যুৱক কেইজনৰ ঘৰ জাগুন পাৰ্বতিপুৰ গাঁৱৰ ক্ৰমে কৃষ্ণ শৰ্মা (৪০) আৰু নিৰঞ্জন চৰকাৰ (২৮) বুলি জানিব পৰা গৈছে। ঘটনা বিৱৰনী মতে জাগুনৰপৰা জয়ৰামপুৰ অভিমুখে গৈ থকা নম্বৰ বিহীন মটৰ চাইকেলখনে এন এল ০২ কে ৫০৬৬ নম্বৰৰ ট্ৰেইলাৰ গাড়ীখনত পিছফালৰপৰা প্ৰচণ্ড জুৰেৰে খুন্দা মৰাৰ ফলত মটৰ চাইকেলখনত থকা লোক দুজন ঠাইতে নিহত হয়।

আনহাতে, সমগ্ৰ ঘটনাই এলেকাটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ ইফালে, মৃত দুয়োজন ব্যক্তিক স্থানীয় জাগুন আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে আজি পুৱা তিনিচুকীয়ালৈ প্ৰেৰন কৰা বুলি জানিব পৰা গৈছে৷