অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে সুৰাৰ ৰমৰমীয়া বেহা

লিডুঃ মাৰ্ঘেৰিটাত চৰম ভাৱে স্খলিত হৈছে আইন শৃংখলা৷ মাৰ্ঘেৰিটা নগৰ তথা ইয়াৰ উপকন্ঠীয় অঞ্চলসমূহত বিগত সুদীৰ্ঘ সময় ধৰি মুক্তভাৱে চলিছে ভাং, কানি আৰু বিলাতী সুৰাৰ লগতে চুলাই মদৰ অবৈধ বেহা৷ 

বিয়াগোম আবকাৰী বিভাগক চৰমভাৱে ভেঙুচালি কৰি একাংশ অবৈধ সুৰাৰ ব্যৱসায়ী চক্ৰই মহকুমাটোৰ বিভিন্ন প্ৰান্তৰত অলিয়ে গলিয়ে  নিচাজাতীয় দ্ৰৱ্য অবাধে বেহা অব্যাহত ৰাখিছে৷ যাৰ বাবে শেহতীয়াকৈ এতিয়া জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ৷ 

আজি সংগঠনটোৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আবকাৰী বিভাগৰ চৰম ব্যৰ্থতাক তীব্ৰ ভাষাৰে সমালোচনা কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰে৷ সংগঠনটোৰ শতাধিক নেতা কৰ্মীয়ে লিডু কলেজ তিনিআলিত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ 

ইফালে, সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই এই ক্ষেত্ৰত স্থানীয় আৰক্ষী প্ৰশাসনৰ মৌনতাকো যথেষ্ট ৰহস্যজনক বুলি আখ্যা প্ৰদান কৰি শীঘ্ৰেই নিচাজাতীয় দ্ৰৱ্যৰ মুক্ত বেহা বন্ধ কৰিবৰ বাবে প্ৰশাসনক আহবান জনায়৷ অন্যথা সংগঠনটোৱে পৰৱৰ্তী সময়ত হাত সাবতি বহি নাথাকে বুলিও হুংকাৰ প্ৰদান কৰে৷ 

উল্লেখ্য যে, বৰ্তমান লিডু মাৰ্ঘেৰিটা আদি বিভিন্ন অঞ্চলত বিলাতী সুৰাৰ অবৈধ বেহাৰ সমান্তৰালকৈ সক্ৰিয় হৈ উঠিছে চুবুৰীয়া অৰুণাচলৰ সুৰাৰ অবৈধ বেহাকাৰী চক্ৰ৷ যাৰ পৰিণতিত লিডুৰ লগতে মাৰ্ঘেৰিটাৰ বহু সুৰাৰ বিপনীত এতিয়া অৰুণাচলী সুৰা সহজলভ্য বুলিও অভিযোগ পোৱা গৈছে৷