
ডিফুঃ অতিষ্ঠ হৈ পৰিছে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ব্যৱসায়ী। চান্দা সংস্কৃতিৰ বাবে অতিষ্ঠ হৈ পৰিছে। চান্দা সংগ্ৰহৰ নামত একাংশ সংগঠনে হাৰাশাস্তি কৰাৰ অভিযোগত মঙলবাৰে সৰৱ হৈ পৰ চেম্বাৰ অফ কমাৰ্চ চমুকৈ কে এ চিচি৷ দীৰ্ঘ দিনৰ পৰা সংগঠন সমূহৰ পৰা চান্দাৰ নামত অত্যাচাৰ কৰি অহাৰ ঘটনাৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহে৷
মঙলবাৰে পুৱাৰে পৰা ব্যৱসায়ী সকলে নিজৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ কৰি স্বতঃস্ফুৰ্ত ভাৱে ডিফু চেম্বাৰ অফ কমাৰ্চৰ মুখ্য কাৰ্যালয়ৰ ওচৰত সমবেত হয়৷ পিছত কে এ চিচিৰ উদ্যোগত চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছাৰ নেতৃত্বত প্ৰায় ২ সহস্ৰাধিক সমৰ্থকৰ অংশ গ্ৰহণেৰ ডিফু চহৰৰ মাজেৰে শান্তি সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়লৈ যায়, তাত কাৰ্যবাহী দণ্ডাধীশ দৈমাৰীয়ে কে এ চিচিৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে৷
স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত শীৰ্ষ নেতৃত্বই জিলা উপায়ুক্ত আদিল খানক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি অভিযোগ কৰে যে জিলা খনত প্ৰায় শতাধিক সামাজিক সংগঠনৰ একাংশই আইন নিজৰ হাতত তুলি লৈ বিভাগীয় কৰ্তৃপক্ষৰ বিনা অনুমতিত চহৰ খনৰ ব্যৱসায়ী সকলক ট্ৰেডিং লাইচেন্স, যাৱতীয় নথিপত্ৰ, আনকি বিভিন্ন সময়ত বলপূৰ্বক চান্দা সংগ্ৰহ কৰি ব্যৱসায়ীক নানা ধৰণে হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগ কৰে৷
যোৱা ফেব্ৰুৱাৰী মাহতো তদানীন্তন জিলা আৰক্ষী অধীক্ষকক কে এ চিচিৰ তৰফৰ পৰা এই সন্দৰ্ভত স্মাৰক পত্ৰ দিয়া হৈছিল বুলি অৱগত কৰে৷ জিলা উপায়ুক্ত গৰাকীয়ে কে এ চিচিৰ নেতৃবৃন্দক অসামাজিক কাৰ্যকলাপ আৰু অবৈধ চান্দা সংগ্ৰহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ৷ আনহাতে ব্যৱসায়ী সকলে বিভাগীয় অনুমতি নোহোৱাকৈ কোনো ধৰণৰ চান্দা নিদিয়া আৰু নথি পত্ৰ প্ৰদৰ্শন নকৰাৰ সিদ্বান্ত গ্ৰহণ কৰে৷