03
Jan
2019

লিডুঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুনৰ ১০ মাইলত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।
জাগুনৰপৰা জয়ৰামপুৰ অভিমুখে গৈ থকা এ আৰ ১২ ১৬৪৮ নম্বৰৰ এখন য়ামাহা মটৰ চাইকেলে ঘাইপথত থকা এটা প্ৰকাণ্ড কালভাৰ্ড খুন্দা মৰাৰ ফলত ললিত য়ংকুক নামৰ (২৮) বছৰীয়া এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে নুঙচি তাইৰিং নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ঘটনাটোৱে সমগ্ৰ এলেকাটোতে তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ উল্লেখ্য অসম অৰুণাচল সীমান্তৰ জাগুনত এতিয়া ধাৰাবাহিকভাৱে বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনা৷