লিডুঃ অসমৰ এক ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ বীৰাংগনা সতী সাধনীৰ নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হ'ল  ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিয়মান বগীবিল দলঙৰ।

আহোম জনগোষ্ঠীৰ লগতে অসমৰ কেইবাটাও জনগোষ্ঠীয়ে কেইবাগৰাকী বীৰ-বীৰাংগনা, মহাপুৰুষৰ নামেৰে দলংখন নামাকৰণৰ দাবী কৰিলেও অৱশেষত চৰকাৰে সতী সাধনীৰ নামেৰে দলংখনৰ নাম নামাকৰণ প্ৰস্তাৱ কৰি ৰে'ল মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে।

আনহতে টাই আহোম যুৱ পৰিষদ নামৰ সংগঠনটোৱে বিগত সময়ত অসমীয়া জাতিৰ পিতৃস্বৰূপ চাওল্যুং চুকাফাৰ নামত বগীবিল দলঙৰ নামাকৰণৰ দাবী কৰি আহিছিল যদিও সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে কয় যে, “আমাৰ দাবীৰ নাৰ্যতা থাকিলেও এগৰাকী বীৰাংগানাৰ নামৰে নিৰ্মিয়মান দলংখন নামাকৰণ কৰাত আমাৰ কোনো ক্ষোভ নাই, এগৰাকী বীৰাংগনাৰ নাম দৃঢ়তাৰে প্ৰতিষ্ঠা তথা অসমৰ সামূহিক সংহতিৰ বাবে আমি সহনশীল হোৱাৰ যুক্তিত আমি ইয়াক আদৰণি জনাইছোঁ।"

তেওঁ লগতে কয় যে বীৰাংগানা সতী সাধনীৰ ত্যাগৰ নৱমূল্যায়ণ হওক। বীৰাংগানা সতী সাধনী কেৱল এগৰাকী সাহসী নাৰীয়েই নহয়, তেওঁ অসমীয়া জাতীয় জীৱনৰ এক স্বাভিমান আৰু সাহসৰ প্ৰতীক। এনে এগৰাকী বীৰাংগানাৰ নামত চৰকাৰে দলংখনৰ নামাকৰণ কৰি এক উচিত পদক্ষেপেই গ্ৰহণ কৰিলে।