লিডুঃ ভাৰতবৰ্ষৰ সংবিধান আৰু গণতন্ত্ৰক ৰক্ষাৰ লগতে নিৰাপত্তা দিশত জনসাধাৰনক সুনিশ্চিত কৰাৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডু কলেজ তিনিয়ালিত এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷

সংগঠনটোৰ স্পষ্ট অভিযোগ ভাৰতীয় সংবিধানত নাগৰিক সকলৰ যি  মৌলিক অধিকাৰ দিয়া হৈছে  সেয়া বহু পৰিমানে সাম্প্ৰতিক পৰিস্থিতিত খৰ্ব হোৱাৰ দিশে ধাৱমান৷

সংবিধানৰদ্বাৰা স্বীকৃত আৰু ঘোষিত মৌলিক অধিকাৰসমূহ বৰ্তমান সময়ত ৰাজনৈতিক কু-চক্রান্তৰ বলি হৈ একাংশক উৎসাহিত কৰাৰ বিপৰীতে জনসাধাৰন  শলঠেলক পেলোৱাৰ লগতে সাধাৰণ ৰাইজ উপকৃত নোহোৱা বুলি অভিযোগ কৰি শীঘ্ৰেই জনসাধাৰন উপকৃত হ'ব পৰাকৈ এক কঠোৰ আইন প্ৰণয়ন কৰিবলৈ ৰাজ্য-চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷

লগতে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই ভাৰতীয় সংবিধানত থকা গণতন্ত্ৰক উলংঘন  কৰি ৰাজনৈতিক মহলে লোৱা কোনো সিদ্ধান্তকেই সংগঠনটোৱে  কেতিয়াও স্বীকৃতি প্ৰদান নকৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক বিমল সিঙে এই ক্ষেত্ৰত গণতন্ত্ৰক ৰক্ষাৰ লগতে নিৰাপত্তা দিশত জনসাধাৰণ উপকৃত হোৱাকৈ এক কঠোৰ আইন শীঘ্ৰেই বলবৎ কৰিবৰ বাবে আহ্বান জনাইছে৷

যাতে নিৰাপত্তাৰ দিশত সাধাৰণ ৰাইজ কেতিয়াও শংকিত হ'ব লগা নহয় ৷ ইপিনে আজিৰ  কাৰ্যসূচীত সংগঠনটোৰ  প্ৰায় অৰ্ধ শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে৷