লিডুঃ অসম-অৰুণাচল সীমান্তৱৰ্তী লিডুৰ দিহিং নৈৰ পাৰত অৱস্থিত খামতি গাঁৱৰ বৌদ্ধ ভিক্ষু তথা লিডুৰ বৌদ্ধ মন্দিৰৰ কেন্দ্ৰীয় চালিকাশক্তি ইউ গুণাৱন্ত মহাথেৰৰ আজি ৯৫ বছৰ বয়সত মৃত্যু হয়৷ 

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ বহু দিনৰপৰা অসুস্থ হৈ থকা বৌদ্ধ ভিক্ষুগৰাকীয়ে আজি বিয়লি প্ৰায় ৬ বজাত মাৰ্ঘেৰিটাস্থিত ৰণটেক্স নাৰ্চিং হোমত শেষ নিশ্বাহ ত্যাগ কৰে৷ বুদ্ধদেৱৰ মহানিৰ্বাণৰ পাছত অনুৱৰ্তী বৌদ্ধগুৰুসকলৰ ভিতৰত অন্যতম ইউ গুণাৱন্ত মহাথেৰৰ মহাপ্ৰস্থানৰ বাতৰিয়ে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷

আধ্যাত্মিক জ্যোতিসম্পন্ন তথা মন্দিৰলৈ যোৱা জাতি, ধৰ্ম, বৰ্ণৰ উৰ্ধত সকলো জনগনক বুদ্ধদেৱৰ মহান বাণীৰে জীৱন জ্যোতিৰ্ময় হৈ উঠিবলৈ আৰ্শীবাদ জ্ঞাপন কৰা এইগৰাকীৰ বৌদ্ধ ভিক্ষুৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিলে অজস্ৰ গুণমুগ্ধক৷ 

বিভিন্ন সময়ত বৌদ্ধ ভিক্ষুগৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান আছিল অনস্বীকাৰ্য৷ ইউ গুণাৱন্ত মহাথেৰ কেৱল লিডু অঞ্চলেৰে নহয়, বৃহত্তৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধ বিহাৰসমূহৰ ওপৰত এক শ্ৰেষ্ঠ ভান্তেৰ আসনত অধিষ্ঠিত আছিল৷ 

ম্যানমাৰৰ চৰকাৰে ২০১১ চনত ইউ গুণাৱন্ত মহাথেৰলৈ ভান্তেসকলৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰিছিল৷ মানৱ প্ৰেমেই যাৰ ধৰ্ম আছিল তেনে এজন মহান-মহিমামণ্ডিত বৌদ্ধৰ ভিক্ষুৰ বিয়োগত আজি সমগ্ৰ বৌদ্ধ সমাজ শোকস্তব্ধ হৈ পৰিছে৷ 

১৯২৩ চনৰ ১৪ নৱেম্বৰত ব্ৰহ্মদেশৰ (ম্যানমাৰ) মধ্যভাগত থকা টাংগো চহৰৰ এটা সম্ভ্ৰান্ত পৰিয়ালত ইউ গুণাৱন্ত মহাথেৰৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল ইউ ঞেমহিম৷  ব্ৰহ্মদেশৰ তদানীন্তন প্ৰখ্যাত বৌদ্ধভিক্ষু ইউ ৰাজিন্দৰ মহাথেৰৰ ওচৰত দীক্ষা লৈ তপস্বী ব্ৰত গ্ৰহণ কৰে আৰু উক্ত দিনাই গুৰুৱে তেখেতক ইউ গুণাৱন্ত মহাথেৰৰ নাম ৰাখে৷ বিহাৰত এবছৰ তিনিমাহ কাল থকাৰ অন্তত ভান্তেজনাক দিব্যজ্ঞানৰ সন্ধানত ব্ৰতি কৰোৱালে৷ সুদীৰ্ঘ বাৰ-তেৰ বছৰকাল গুৰুৰ তত্বাৱধানত বৌদ্ধ ধৰ্ম সম্পৰ্কীয় তত্ত্ব-দৰ্শনৰে ইউ গুণাৱন্ত মহাথেৰ পৰিপুষ্ট হৈ উঠে৷

সুদূৰ ম্যানমাৰৰপৰা আহি তেওঁ অধ্যৱসায়ৰ বলত লিডুৰ দিহিং নদীৰ পাৰত মোংলাং খামতি গাঁৱত অৱস্থান কৰি তেওঁ লিডুবাসীৰ কেন্দ্ৰীয় চালিকাশক্তি হৈ পৰিছিল৷ আজি তেওঁৰ নশ্বৰদেহ মন্দিৰৰ প্ৰাংগনত আনাৰ লগে লগে অজস্ৰ গুনমুগ্ধই মন্দিৰৰ প্ৰাংগনত ভিৰ কৰাহি। শেষবাৰৰ বাবে গুৰুজনাৰ চৰণ স্পৰ্শ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰপৰা বৌদ্ধ ধৰ্মালম্বি লোকসকলৰ লগতে স্থানীয় ভক্তপ্ৰাণ ৰাইজে চৌহদত ভিৰ কৰেহি৷