লিডুঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক অৱশেষত ৰাজ্যসভাত উত্থাপন নহ’ল৷ যাৰ বাবে এতিয়া গভীৰ নিশ্বাস পেলাইছে বিভিন্ন দল-সংগঠনৰ নেতৃবিন্দই৷ 

ৰাজ্যসভা বুধবাৰে অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ’ল বুলি ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত এতিয়া দল-সংগঠনসমূহ উৎফুল্লিত হৈ পৰাৰ পৰিলক্ষিত হৈছে৷ তিনিচুকীয়া আৰু  মাৰ্ঘেৰিটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই বিহু নাম গাই, ফটকা ফুটাই আনন্দ উল্লাস কৰা দেখা গ’ল৷