♦ বছৰৰ পহিলা দিনটোতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

লিডুঃ সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ সৃষ্টি হৈ থকাৰ সময়তে যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্তই এতিয়া অস্থিৰ কৰিছে ৰাজ্যৰ জনসাধাৰণৰ লগতে বিভিন্ন দল-সংগঠনক৷

সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ বৈঠকে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত সমল যোগোৱাৰ কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি৷ 

আজি নৱ-বৰ্ষৰ প্ৰথম দিনাই সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিয়ে যুটীয়া সংসদীয় সমিতিৰ এই  সিদ্ধান্তক গৰিহণা দি লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত জে পি চিৰ অধ্যক্ষৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰা হয় ৷ 

সংগঠনটোৰ স্পষ্ট মত কোনো কাৰনতেই যুটীয়া সংসদীয় সমিতৰ এই সিদ্ধান্তক মানি লোৱা নহ'ব ৷ এই ক্ষেত্ৰত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই শাসনৰ বাঘজৰী লোৱা বি জে পি চৰকাৰৰ ইটোৰ পিছত সিটো জনবিৰোধী স্থিতিক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে শীঘ্ৰেই সংশোধনী বিধেয়কখন বাতিল কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। অন্যথা সংগঠনটোৱে অনাগত দিনত তীব্ৰ গন আন্দোলনৰো হুংকাৰ প্ৰদান কৰে৷