
লিডুঃ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ সাৰ্বজনীন উন্নয়নৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ ভিতৰত অন্যতম স্বচ্ছ ভাৰত অভিযান আঁচনি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযান আঁচনিয়ে বৰ্তমান গাঁও তথা চহৰাঞ্চলৰ বিভিন্ন এলেকাক ব্যাপক প্ৰসাৰনতা লাভ কৰা পৰিলক্ষিত হৈছে৷
আজি মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰীত কেইবাটাও মহিলা আত্ম-সহায়ক গোটে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পেঙেৰীৰ বিভিন্ন এলেকাত স্বচ্ছ ভাৰত অভিযান চলায়৷ ব্ৰহ্মপুত্ৰ ভিঅ গোটৰ উদ্যোগত তথা পেঙেৰী অঞ্চলৰ প্ৰায় ১৫ টাকৈ মহিলা আত্মসহায় গোটৰ সহযোগত দুই শতাধিক মহিলাই পেঙেৰী চাৰিআলী, পেঙেৰিৰ সাপ্তাহিক বজাৰৰ লগতে বিভিন্ন এলেকাত চাফাই অভিযান চলাই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷
তেওঁলোকৰ প্ৰধান উদ্দেশ্য হ'ল যে অঞ্চলটোৰ চহৰ আৰু গ্ৰামীন এলেকাসমূহ পৰিষ্কাৰ-পৰিচ্ছন্নতাকৈ ৰাখি দেশৰ সাৰ্বজনীন উন্নতিত অৰিহণা যোগোৱা৷
এই ক্ষেত্ৰত মহিলাসকলে স্থানীয় প্ৰশাসন তথা সচেতন নাগৰিকক তেওঁলোকৰ এই প্ৰচেষ্টাত সহায়ৰ আগবঢ়াবলৈ আহ্বান জনাইছে৷
উল্লেখ্য যে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে প্ৰতিখন গাঁও, চহৰ-নগৰ, ৰাজ্য তথা আমাৰ চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্যে নানা প্ৰকাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, ঠিক তেনে সময়তে মাৰ্ঘেৰিটাৰ এই সকল মহিলাই লোৱা পদক্ষেপত সকলোৱে একেমুখে প্ৰশংসা কৰিছে৷