লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত বৃহস্পতিবাৰে চোৰাং কয়লাৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলে৷ মাৰ্ঘেৰিটা থানা আৰু লিডু আৰক্ষী চকীৰ যৌথ উদ্যোগত চলোৱা হয় এই অভিযান৷

অভিযানটোৰ নেতৃত্ব প্ৰদান কৰে মাৰ্ঘেৰিটা থানাৰ নৱ-নিযুক্ত আৰক্ষী বিষয়া প্ৰতীম গগৈৰ লগতে লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিয়য়া অমৰজ্যোতি বাইলুঙে৷

লিডুৰ ইটাখোলা অঞ্চলত থকা বহু কেইটা অবৈধ চোৰাং কয়লাৰ ভাটি উচ্ছেদ কৰি লিডু আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতীম গগৈয়ে মাৰ্ঘেৰিটা থানাত দায়িত্ব গ্ৰহণ কৰিয়েই চোৰাং কয়লা বেহাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠা কাৰ্যই এতিয়া চোৰাং কয়লাৰ সাম্ৰৰাজ্যখনত তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে৷ 

আৰক্ষী বিষয়া দুগৰাকীৰ নোতৃত্বত যোৱা আৰক্ষীৰ বৃহৎ অভিযানকাৰী দলটোৱে অঞ্চলটোৰ চোৰাং কয়লা সাম্ৰৰাজ্যৰ মূল ঘাটিসমূহ উচ্ছেদ কৰি চোৰাং কয়লা সৰবৰাহত ব্যৱহিত বহু সামগ্ৰী জব্দ কৰাৰ লগতে জ্বলাই দিয়ে৷