19
Jan
2019

লিডুঃ লিডু আৰক্ষীচকীৰ অন্তৰ্গত লিডু বাছষ্টেণ্ডত শনিবাৰে পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হয় এজন অচিনাক্ত যুৱকৰ মৃতদেহ৷ ক’লা জাকেট তথা নিলা ৰঙৰ পেন্ট পৰিধান কৰি থকা যুৱকজনৰ মৃদদেহটো শুই থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে৷
প্ৰায় ২৮/২৯ বছৰীয়া যুৱকজনৰ প্ৰকৃত পৰিচয় বৰ্তমানেও উদ্ধাৰ হোৱা নাই যদিও স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে যুৱকজন মানসিক বিকাৰগ্ৰস্ত আছিল বুলি সন্দেহ কৰিছে৷ বৰ্তমান লিডু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷