লিডুঃ অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে নিচাজাতীয় ড্ৰাগছ, কানি, গাঞ্জাৰ ৰমৰমিয়া ব্যৱসায়৷

অঞ্চলটোৰ একাংশ যুৱকে আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি জনগোষ্ঠীয়প্ৰধান এলেকাসমূহত ড্ৰাগছ, কানি, গাঞ্জাৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰব্যৰ অবাধ বেহা চলাই নিয়াৰ কাৰ্যই এতিয়া গভীৰ চিন্তাম্বিত কৰি তুলিছে সচেতন নাগৰিকৰ লগতে স্থানীয় আৰক্ষী প্ৰশাসনক৷ 

সোমবাৰে লেখাপানী আৰক্ষীয়ে গোপন সূত্ৰে পোৱা অভিযোগৰ ভিত্তিত এলেকাটোৰ লালপাহাৰ গাঁৱত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম ক্ৰমে বি ৰামান্ন (২৪) আৰু ডিকাচে চেমা (২৩) বুলি জানিব পৰা গৈছে৷ দুয়োজনৰপৰা আৰক্ষীয়ে প্ৰায় ১০ গ্ৰামতকৈও অধিক ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ 

উল্লেখ্য যে জাগুন, লেখাপানী, আদি এলেকাৰ ভিতৰুৱা জনগোষ্ঠীয় গ্ৰামাঞ্চলসমূহত এতিয়া ড্ৰাগছ, কানি, গাঞ্জাৰ ৰমৰমীয়া বেহাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ আৰক্ষী-প্ৰশাসনে এনে বেহা ৰোধ কৰাৰ স্বাৰ্থত যথেষ্ট চেষ্টা অব্যাহত ৰাখিছে যদিও ৰোধ হোৱা নাই ড্ৰাগছ, কানি, গাঞ্জাৰ এই ৰমৰমীয়া বেহা৷