লিডুঃ ৰাজ্যৰ চাৰিওদিশে চুলাই আৰু লালি গুৰৰ বিৰুদ্ধে এক সৰৱ অভিযান অব্যাহত আছে৷ ডিগবৈ চহৰৰ মাজ মজিয়াৰ চাৰিআলিৰ বজাৰত টিপামৰ মহিলা সমিতি আৰু ছাত্ৰ মুক্তিয়ে চুলাই আৰু লালিগুৰৰ বিৰুদ্ধে অভিযান চলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ অভিযানত অংগত শ্বাহ নামৰ ব্যৱসায়ীজনৰ দোকানৰ ভিতৰত মহিলাসকলে সোমাই গৈ শুৱা বিছনাৰ তলত লুকুৱাই থোৱা অৱস্থাত প্ৰায় ৩২ টিং লালিগুৰ জব্দ কৰিবলৈ সক্ষম হয়৷

কিছু দিনৰ পূৰ্বে ছাত্র মুক্তিয়ে নিশা অভিযান চলাই এনেদৰে বহুত পৰিমাণৰ লালিগুৰ জব্দ কৰিছিল যদিও আৰক্ষীৰ উপস্থিতিত গুৰখিনি জব্দ কৰি লৈ যায়। কিন্তু পুনৰ অংগত চাহু নামৰ ব্যৱসায়ীজনে এনেদৰে লালিগুৰ নিজৰ দোকানৰ ভিতৰত যুগুত কৰা বুলি জানিবলৈ পায় মহিলা সমিতিৰ লগতে ছাত্র মুক্তিৰ সদস্যসকল সৰব হৈ পৰে। 

এনেদৰে অতৰ্কিতে অভিযান চলাই জব্দ কৰা গুৰৰ টিংসমূহ জ্বলাই দিয়ে৷ ডিগবৈ অৱকাৰী আৰু আৰক্ষী প্ৰশাসনৰ এই ব্যৱসায়ীজনৰ সৈতে গোপন বুজাবুজি থকাৰ বাবে লালিগুৰ বন্ধ কৰা ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকা একেবাৰে নিষ্ক্ৰিয় বুলি আখ্যা দিয়ে মহিলা সমিতিয়ে। ইফালে স্থানীয় বিধায়ক সুৰেন ফুকনকো ইয়াৰ প্ৰতি নজৰ ৰাখিবলৈ আহ্বান জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷