21
Jan
2019

লিডুঃ তিনিচুকীয়া জিলাৰ লিডুত সেনাৰ-আৰক্ষীয়ে চলাইছে উগ্ৰপন্থী বিৰোধী অভিযান৷ যোৱা নিশা সেনাৰ ৩ নং গাৰোৱাল ৰাইফলছে গোপন সূত্ৰৰ পম খেদি লিডুৰ টিৰাপ কলিয়ৰীৰপৰা এজন দুৰ্ধৰ্ষ এন এছ চি এন কেডাৰক আটক কৰে। ধৃত কেডাৰজনৰ নাম ছিংমাই হাচেং।
কেডাৰজনৰপৰা সেনাই এটা 7.65 mm পিষ্টল, এটা মেগাজিন, তিনি ৰাউণ্ড সজীৱ গুলী, দুটা মোবাইল ফোনৰ লগতে বহুতো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে। ইফালে সেনাই কেডাৰজনক আটক কৰি লিডুৰ আৰক্ষী থানাত চমজাই দিয়ে।
উল্লেখ্য যে আগন্তুক ২৬ জানুৱাৰীৰ প্ৰাকক্ষণত উগ্ৰপন্থী সংগঠনৰ এনে আচৰণ বিধিয়ে এতিয়া চিন্তাম্বিত কৰি তুলিছে এলেকাটোৰ আৰক্ষী-প্ৰশাসনক৷