লিডুঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকী অন্তৰ্গত ফানেং, ৱাৰা আৰু মুঙকাম বস্তিৰ সংযোগী বনাঞ্চলত আলফা স্বাধীনৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলায়। 

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্ত নেতৃত্বত আৰু লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে, জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ সহযোগত যোৱা এটা বৃহৎ আৰক্ষী দলে বিশেষ সূত্ৰৰ পম খেদি অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা ফেনেঙ, ৱাৰা আৰু মুঙকাম বস্তিৰ সংযোগী ঘন বনাঞ্চলত অতৰ্কিতে অভিযান চলায়৷ গোপন সুত্ৰৰ পম খেদি এলেকাটোত আলফা স্বাধীনে বাহৰ পাতি থকা বুলি তথ্য পোৱাৰ পাছত দিনৰ প্ৰায় ১১ মান বজাত অসম আৰক্ষীৰ এটা বৃহৎ দলে বনাঞ্চলখনত প্ৰৱেশ কৰে৷

ইফালে উগ্ৰপন্থীৰ গোটে আৰক্ষীৰ আগমনৰ উমান পাই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ আৰক্ষীয়েও লগে লগে বনাঞ্চলখন ঘেৰাও কৰি আলফা স্বাধীনক প্ৰত্যুত্তৰ দিবলৈ বুলি গুলীচালনা কৰে৷

প্ৰায় ৪ ঘন্টা দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়৷ অৱশেষত আৰক্ষীৰ লগত তিষ্ঠিব নোৱাৰি আলফাৰ সদস্যকেইজন পলায়ন কৰিবলৈ বাধ্য হয়৷ বাতৰি কৰাৰ সময়লৈকে দুয়োপক্ষৰ মাজত কাৰো কোনো হতাহতি হোৱাৰ খবৰ লাভ কৰা হোৱা নাই৷ 

উল্লেখযোগ্য যে, অসম অৰুণাচল সীমান্তৱৰ্তী জাগুন ফানেম গাঁৱৰপৰা প্ৰায় যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰাৰ পাছৰপৰাই অসম আৰক্ষীয়ে উক্ত অঞ্চলত তীব্ৰভাৱে চোকা দৃষ্টি ৰাখিছিল। যাতে কোনো কাৰণে অন্য কোনে কুটাঘাট সংঘটিত হ’ব নোৱাৰে৷ আৰক্ষীয়ে বৃহৎ কুটাঘাটৰ লক্ষ্যৰে আলফাৰ দলটোৱে এনেদৰে বাহৰ পাতি আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে৷